ধেমাজি, 16 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ অধিকাংশ অঞ্চল এতিয়া বানপানীৰ ফলত প্লাৱিত হৈ পৰিছে ৷ লক্ষাধিক বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বানৰ ফলত মৃত্যুমুখত পৰিছে মানুহৰ লগতে পশুধনো ৷ উজনি-নামনিৰ বিস্তীৰ্ণ অঞ্চল সম্প্ৰতি বানৰ কৱলত পৰিছে ৷ জলমগ্ন হৈছে অসমৰ 26 খনকৈ জিলা ৷ প্ৰলয়ংকৰী বানে ৰাজ্যৰ প্ৰায় 3,376খন গাঁও ক্ষতিগ্ৰস্ত কৰিছে ৷ কৃষিভূমিকে ধৰি ভিন্ন স্থানৰ 1,27, 64,725 হেক্টৰ ভূমি সম্প্ৰতি পানীৰ তলত আছে ৷ উল্লেখ্য যে, এই সংহাৰী বানত বৰ্তমানলৈ 39,79,563 গৰাকী লোক হোৱাৰ লগতে,বানৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে মুঠ 77 গৰাকী লোকে ৷
এনে অৱস্থাত ৰাজ্যৰ চৰকাৰী প্ৰতিনিধি আৰু ছাত্ৰসংগঠনৰ নেতাসকলে এতিয়া বানপানীক লৈয়ো ৰাজনীতিত নামি পৰা দেখা গৈছে ৷ বৃহস্পতিবাৰে বানাক্ৰান্ত ধেমাজি পৰিদৰ্শন কৰিবলৈ জিলাখনত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল ৷ আছুৰ কেন্দ্ৰীয় উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীৰ নেতৃত্বত যোৱা দলটোৱে ধেমাজি জিলা আৰু জোনাই মহকুমা ছাত্ৰ সন্থাৰ সহযোগত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷
সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগু চূড়ান্ত ব্যৰ্থ নেতা : আছু ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ পিচতেই দলটোক নেতৃত্ব দিয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে কেবাটাও অভিযোগ উত্থাপন কৰে ৷ দহ বছৰ ধৰি জোনাইৰ বিধায়ক হৈ থকা ভূৱন পেগুৱে, জোনাইত এটা মথাউৰিকে ধৰি পবা বনাঞ্চল আদি সমস্যাক লৈ সদনত মাত মাতিব নোৱাৰে বুলি কয় ৷ বিধায়কৰ পৰা সাংসদ হোৱা প্ৰদান বৰুৱাই কিয় বেৰা চাপৰি অঞ্চলত মথাউৰি এটা বান্ধিবলৈ সক্ষম নহ'ল তাক লৈ অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীয়ে ৷ লগতে কয় যে, জনপ্ৰতিনিধি কেইজনে কেৱল বানপানী আৰু গৰাখহনীয়াৰ ৰং চাই গুচি যায় ৷ অলপতে গ্ৰামোন্নয়ন মন্ত্ৰী নৱকুমাৰ দলেই জোনাইৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি আশী লাখটকীয়া এমজিএনৰেগা আচঁনি ৰূপায়ন কৰে যদিও কাৰ্যত বাৰিষা পানীত সমূলঞ্চে জাহ যায় আঁচনিখন ৷ ৰাইজক আভুৱা দি আঁচনিৰ নামত ত্ৰিশ লক্ষাধিক উলিয়াই নিয়ে বুলিও অভিযোগ উত্থাপন কৰে ৷ যেতিয়ালৈকে বান সমস্যাৰ স্থায়ী সমাধান নকৰিব জোনাইৰ ৰাইজে আন্দোলন কৰিবলৈ সংকল্প লৈছে বুলি মন্তব্য কৰে আছুৰ উপসভাপতিগৰাকীয়ে ৷
লগতে পঢ়কঃৰাজ্যত বানৰ বিভীষিকা, ক্ষতিগ্ৰস্ত 35 লক্ষাধিক