অসম

assam

ETV Bharat / state

মুৰব্বী বিহীনভাৱে চলিছে ধেমাজি উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ - মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

মুৰব্বী অবিহনে চলিছে ধেমাজি উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ ৷ স্থায়ী বিষয়া নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

AASU sent memorandum
AASU sent memorandum

By

Published : Sep 4, 2020, 8:42 PM IST

ধেমাজি, 4 ছেপ্টেম্বৰ :যি সময়ত ৰাজ্যত চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তেনে সময়ত দীৰ্ঘ দিন ধৰি ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত নাই প্ৰধান পৰিচালক ৷ বিভাগটোত মুৰব্বী অবিহনেই চলিছে কাৰ্যালয়ৰ কাম কাজ ৷ ফলত এটা ফাইলৰ কাম কৰিবৰ বাবে কাৰ্যালয়ৰ কৰ্মচাৰী দৌৰিব লগীয়া হৈছে সুদুৰ ডিব্ৰুগড়লৈ ৷ কেৱল ইমানেই নহয় কৰ্মচাৰীয়ে দৰমহাৰ বাবেও হাবাথুৰি খাব লগালগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৷

মুৰব্বী বিহীনভাৱে চলিছে ধেমাজি উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ
জানিব পৰা মতে বিগত দুবছৰে স্থায়ী ভাবে এজনো প্ৰধান পৰিচালকৰ নিযুক্তি নোহোৱা ফলস্বৰূপে ডিব্ৰুগড়ৰ কাৰ্যালয়ৰ প্ৰধান পৰিচালক গৰাকী ধেমাজি কাৰ্যালয়ৰো দায়িত্বত আছে ৷

ইপিনে ভূতৰ ওপৰত দানৱ পৰাদি কৰ’ণাৰ আতংকই গ্ৰাস কৰা সময়ছোৱাত নিবনুৱাসকলে অধিক ক্ষতিগ্ৰস্ত সন্মুখীন হ’বলগীয়া হৈছে ৷ কাৰণ মুৰব্বী বিষয়া অনুপস্থিতিত আৰু অধিক কাম কাজত স্থবিৰতাই দেখা দিছে ৷ এনে ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কাযালয়ত এজন স্থায়ী বিষয়া নিযুক্তি দিবলৈ দাবী জনায় বৃহস্পতিবাৰে ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !

ABOUT THE AUTHOR

...view details