ধেমাজি, 20 জুলাই :ৰাজ্যৰ বহু কেইটা জিলা এতিয়া বানৰ কৱলত ৷ সমান্তৰলাকৈ ধেমাজি জিলাতো বানৰ বিভীষিকা ৷ সোমবাৰে ধেমাজি জীয়াঢলৰ বানৰ কৱলত পৰা একাংশ লোকক বান সাহাৰ্য সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ৷
ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহযোগত ধেমাজি জীয়াঢলৰ বানৰ কৱলত পৰা আমূলগুৰি, 2 নং ঘেয়াৰী (চেচাসহ) আৰু দুলংকান গাঁৱৰ প্ৰায় আশীটা পৰিয়ালৰ মাজত মিঠাতেল,আলু,চাবোন,বিস্কুট,মেক্স’ পেকেট আদিৰ বিতৰণ কৰে সংগঠনটোৱে ।