অসম

assam

By

Published : May 4, 2020, 8:10 PM IST

ETV Bharat / state

ধেমাজিত আছুৰ উদ্যোগত সাহায্য বিতৰণ

ধেমাজিত আছুৰ উদ্যোগত 300 পৰিয়ালৰ মাজত সাহায্য বিতৰণ ৷ তিনিখন গাঁৱৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে প্ৰয়োজনীয় সকলো ধৰণৰ খাদ্য সামগ্ৰী ৷

AASU relief distribution amid COVID-19 lockdown
ধেমাজিত আছুৰ সাহায্য বিতৰণ

ধেমাজি, 4 মে' : সোমবাৰে ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 300 পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বৰা চিৰা গাঁও, বামগাঁও আৰু গোঁহাই গাঁৱৰ সৰ্বমুঠ 300 টা পৰিয়ালৰ মাজত চাউল, দাইলকে আদি কৰি বিতৰণ কৰিলে প্ৰয়োজনীয় সকলো খাদ্য সামগ্ৰী ৷

উক্ত সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

ধেমাজিত আছুৰ সাহায্য বিতৰণ

আনহাতে সকলো ৰাইজক চৰকাৰী নীতি-নিৰ্দেশনা মানি চলাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাই আছুৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : ইচ্ছামৃত্যু বিচাৰি প্ৰতিবাদত বহিল অভয়াপুৰীৰ একাংশ লোক

ABOUT THE AUTHOR

...view details