শদিয়া,10 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত কৰা হয় ‘ৰণশিঙা’ কাৰ্যসূচী ৷ ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ সকলো প্ৰান্ততে এই সাংস্কৃতিক প্ৰতিবাদত দেখা গ’ল ৰাইজৰ অভিনৱ সঁহাৰি ৷ শদিয়াতো আইনখন বাতিলৰ দাবীৰে শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় কেইবাটাও দল-সংগঠন আৰু শদিয়াবাসী ৰাইজৰ সহযোগত গায়ন বায়নসহ বিশাল সমদল উলিওৱা হয় ৷ শদিয়াৰ চাপাখোৱা বীৰ লাচিত ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা সমদলটো কোর্ট চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি সামৰণি পৰে ৷
মৰাণঃ মৰাণতো আইনখন বাতিলৰ দাবীত চেপন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰণশিঙা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিবাদী সভাত উপস্থিত থাকে লোক সংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ অনিল শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈ,চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদকবুধিন সোণোৱাল,বকতা নেমুগুৰিৰ বয়োজ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট শিক্ষাবিদ নোমল চন্দ্ৰ বুঢ়া গোহাঁই,সাংবাদিক যদুনাথ পুৰী আৰু আছুৰ শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি হৰেশ শেনছোৱা ৷
কাকপথাৰঃ কাকপথাৰ তিনিআলি দৈনিক বজাৰৰ সন্মুখত আৰু থানা চাৰিআলিত কাৰ্যসুচী কৰাৰ পিছত এখন প্ৰতিবাদী সভাৰ যোগেদি ‘ৰণশিঙা’ সামৰণি পৰে ৷ উপস্থিত ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে গ্ৰহণ নকৰাৰ লগতে সকলো অসমবাসীক উক্ত আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনায় ৷ কাকপথাৰৰ ডিৰাকতো আইনখন বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ উল্লখ্য যে,উক্ত সভাত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰী,মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণ,মটক ছাত্ৰ সন্থাৰ নিৰেণ শইকীয়া,কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা সংগঠনৰ বিষয়ববীয়া ৷
বদৰপুৰঃ দিল্লীৰ জাৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত কৰিমগঞ্জৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৃহস্পতিহবাৰে বদৰপুৰৰ ইউথ চ'ছাইটি নামৰ সংগঠনটোৰ উদ্যোগত বদৰপুৰ 6নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছাত্ৰ-ছাত্ৰীসকলে মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
ধেমাজিঃ বুধবাৰে জনসমূদ্ৰত পৰিণত হয় ধেমাজিৰ কাছাৰী ময়দান ৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,শিল্পী সমাজ আৰু ধেমাজিবাসীৰ সহযোগত ধেমাজি কাছাৰী ময়দানত ৰূপায়ণ কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ৷
মৰিগাঁওঃ মৰিগাঁৱতো জাতিধ্বংসী এই আইনখনৰ প্ৰতিবাদ মৰিগাঁও ছাত্ৰ সন্থা আৰু 30 সহযোগী সংগঠনৰ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এই ‘ৰণশিঙা’ কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্তই চৰকাৰক সকিয়াই দি কয় যে,অহিংস আৰু গণতান্ত্ৰিক আন্দোলনকাৰীক তেওঁলোকে যেন বাধা দিবলৈ চেষ্টা নকৰে। বাধা দিলে কোনো কাৰণতে সহ্য কৰা নহ'ব ৷