অসম

assam

Artificial Flood at Silapathar : এটা মাহে পানীৰ তলত চিলাপথাৰ আদৰ্শ চিকিৎসালয়, আছুৰ বিক্ষোভ

By

Published : Aug 12, 2023, 7:37 PM IST

Updated : Aug 12, 2023, 8:29 PM IST

কৃ্ত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত আছুৰ বিক্ষোভ ৷ বিগত এটা মাহে পানীৰ তলত চিলাপথাৰ আদৰ্শ চিকিৎসালয় ৷ ধাৰাবাহিক আন্দোলনৰ সকিয়নী ৷

AASU Protest at Silapathar
আছুৰ বিক্ষোভ

এটা মাহে পানীৰ তলত চিলাপথাৰ আদৰ্শ চিকিৎসালয়

জোনাই, 12 আগষ্ট : বিগত এটা মাহে পানীৰ তলত চিলাপথাৰ আদৰ্শ চিকিৎসালয় ৷ কৃটিম বানৰ সমস্যা সমাধানৰ দাবীত আছুৰ বিক্ষোভ ৷ ধাৰাবাহিক আন্দোলনৰ সকিয়নী আছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ৷

প্ৰায় এক লক্ষাধিক লোকৰ ভৰষা চিলাপথাৰৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খন বিগত এটা মাহ কৃটিম বানৰ তলত ৷ নলা-নৰ্দমাৰ অভাৱত পিতনিত পৰিণত হ'ল চিকিৎসালয়খন ৷ কি ৰোগী, স্বাস্থ্য কৰ্মী, চিকিৎসক কিম্বা কৰ্মচাৰীৰ কক্ষ; সকলোতে মাথো পানী আৰু পানী ৷ একঁকাল পানীত অহা-যোৱা কৰিব লগা হৈছে ৰোগী ৷ পানীৰ বাবেই চিকিৎসালয় খনত সোমাব নোৱাৰে এম্বুলেন্স ৷

ৰোগীয়ে আত্মীয়ৰ কান্ধত উঠিহে প্ৰৱেশ কৰিছে চিকিৎসালয়ত ৷ কেৱল আদৰ্শ চিকিৎসালয়তে নহয় ৷ পৌৰ সভাৰ ১২ টা ৱাৰ্ডেই কৃটিম বানৰ কবলত ৷ ইফালে চিলাপথাৰৰ এই জলন্ত সমস্যা সমাধানৰ দাবীত শনিবাৰে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰতে সাব্যস্ত কৰে দুঘণ্টীয়া বিক্ষোভ কাৰ্যসূচী ৷

প্ৰশাসনৰ চৰম অৱহেলাৰ বাবেই কৃটিম বানৰ সমস্যাটো সমাধান নোহোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে পৰিৱেশ ৷ 'চবকা সাথ সবকা বিকাশ'ৰ শ্লগান দিয়া বিজেপি চৰকাৰৰ দিনত সাধাৰণ জনতাৰ বিকাশ হোৱা নাই ৷ কেবল বিজেপিৰ বিকাশ হৈছে বুলি কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷ একেদৰে উন্নয়নৰ নামত চৰম ভেকোঁভাওনা কৰা চিলাপথাৰ নগৰ সমিতি পৌৰ সভালৈ উন্নীত হ’ল যদিও ৰাইজৰ নহয় নেতা পালিনেতাৰহে উন্নয়ন হ'ল বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ উন্নয়নৰ নামত অহা চৰকাৰী টকাৰ হিচাপ ৰাজহুৱা কৰাৰ লগতে উচ্চস্তৰীয় তদন্তৰ দাবী জনায় এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনায় তেওঁলোকে ৷

সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূবন পেগুৰ গৃহ নগৰত অব্যাহত থকা এই সমস্যা সমাধানত মুঠেই গুৰুত্ব দিয়া নাই জনপ্ৰতিনিধিকেইজনে ৷ নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি চিলাপথাৰ পৌৰ সভাৰ পদত্যাগৰ দাবী জনায় সংগঠনটোৱে ৷ অনাগত সময়ত কৃটিম বানৰ সমস্যা সমাধান নোহোৱালৈকে সংগঠনটোৱে এমাহ জোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে ৷

লগতে পঢ়ক :Palm oil plantation in Assam: পাম খেতিৰ ফলত ইন্দোনেছিয়াৰ দৰে হ'ব নেকি অসমৰ অৱস্থা; বিভিন্ন কৃষক, কৃষক সংগঠনৰ প্ৰতিক্ৰিয়া

Last Updated : Aug 12, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details