অসম

assam

ETV Bharat / state

মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ - embankment issue

ধেমাজি চিচিমুখৰ চিচি টেকেলীফুটা মথাউৰিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ প্ৰতিকূল বতৰকো নেওচি ছাত্ৰ সংগঠনৰ আহ্বানত ওলাই আহিল শ শ ৰাইজ ৷ শীঘ্ৰেই আওপুৰণি মথাউৰিটো নিমাৰ্ণৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷

aasu-protest-at-dhemaji-on-embankment-issue
মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Jul 29, 2020, 8:17 PM IST

ধেমাজি,29 জুলাইঃসদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ আহ্বানত মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত বুধবাৰে ধেমাজি জিলাৰ মাছখোৱা চিচিমুখৰ চিচি টেকেলীফুটা মথাউৰি জিউ টিউব পদ্ধতিৰে নিমাৰ্ণ কৰাৰ দাবীত ৰূপায়ণ কৰা হয় মানৱ শৃংখল কাৰ্যসূচী ৷ মথাউৰিত সমবেত হৈ শতাধিক প্ৰতিবাদীয়ে প্ৰতিকূল বতৰকো নেওচি জলসম্পদ বিভাগ হুচিয়াৰ,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
ইফালে প্ৰতিবাদ থলীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক সকীয়নি দি কয় যে,কৰ'ণা আতংকৰ সময়ত তেওঁলোকে মথাউৰি,বানপানী পৰিদৰ্শন কৰা নাটক বন্ধ কৰক ৷ প্ৰকৃততে ৰাইজৰ ওচৰত তেওঁলোকে ৰাজনীতি কৰিবলৈহে আহিছে বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি গৰাকীয়ে ৷লগতে মানৱ শৃংখল কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল বৰগোহাঁই উপস্থিত থাকি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰা বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷লগতে পঢ়কঃলক ডাউনৰ পিছত চাহিদা বৃদ্ধি পাইছে চাইকেলৰ

ABOUT THE AUTHOR

...view details