জোনাই, ২৮ জুলাইঃজোনাই মহকুমা মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্যালয়ত চলি থকা বৃহৎ কেলেংকাৰীৰ তদন্তৰ দাবীত মঙলবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মুৰ্কংচেলেক খণ্ড উন্নয়ণ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
উল্লেখ্য যে,জোনাই মহকুমাৰ অন্তৰ্গত মুৰ্কংচেলেক খণ্ড উন্নয়ণৰ প্ৰতিখন পঞ্চায়ততে MGNREGA ভুৱা জব কাৰ্ডৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ তোলে ৰাইজে ৷ তাৰোপৰি খণ্ড উন্নয়ন বিষয়া গৰাকীৰ সৈতে বিভিন্ন বিষয়া-কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামতো ব্যাপক কমিচন ৰাজ চলি থকা বুলি গুৰুতৰ অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ উক্ত দুৰ্নীতিৰ বিৰুদ্ধে জোনাই মহকুমা ছাত্ৰ সন্থাৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল হুছিয়াৰ আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷