অসম

assam

ETV Bharat / state

'কা' বাতিলৰ দাবীৰে ধেমাজিত ছাত্ৰ সন্থাৰ বাইক ৰেলী - প্ৰতিবাদী বাইক

শনিবাৰে ধেমাজিত প্ৰতিবাদী বাইক ৰেলীৰ আয়োজন কৰে ছাত্ৰ সন্থাই । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনাই ধেমাজি আঞ্চলিক ছাত্র সন্থাই শ্বহীদ উদ্যানৰ পৰা প্ৰতিবাদী বাইক ৰেলী উলিয়ায় ।

'কা' বাতিলৰ দাবীৰে ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী
'কা' বাতিলৰ দাবীৰে ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী

By

Published : Mar 20, 2021, 4:12 PM IST

ধেমাজি,২০ মাৰ্চ: এফালে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক, আনফালে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ছাত্ৰ সংগঠনে । শনিবাৰে ধেমাজি আঞ্চলিক ছাত্র সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী বাইক ৰেলী উলিয়ায় সংগঠনটোৰ কৰ্মকৰ্তাই ।

'কা' ৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিছতো পূৰ্বৰ স্থিতি অটল আছে চৰকাৰ । নিৰ্বাচনী ইস্তাহাৰতো নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিজেপিয়ে স্পষ্ট কৰি দিছে নিজৰ স্থিতি । সেয়ে, সদৌ অসম ছাত্র সন্থাৰ আহ্বানমৰ্মে শনিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সমান্তৰালকৈ ধেমাজি আঞ্চলিক ছাত্র সন্থায়েও প্ৰতিবাদী বাইক ৰেলী উলিয়ায় ।

শ্বহীদ উদ্যানৰ পৰা উলিওৱা প্ৰতিবাদী বাইক ৰেলীয়ে ধেমাজি নগৰৰ লগতে দক্ষিণ ধেমাজি, কোৱাফলা, মাটিখোলা, বেতনি, দুসূঁতিমুখ, বঙালমাৰীকে ধৰি বহু ভিতৰুৱা অঞ্চলসমূহো পৰিভ্ৰমণ কৰে ।

এই কাৰ্যসূচীৰ পূৰ্বে শ্বহীদ উদ্যানত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কৰুণজ্যোতি চেতিয়া আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই বিজেপি চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই ৰাইজক 'কা' ৰ সন্দৰ্ভত সজাগ কৰে । লগতে জাতিধ্বংসী আইনখন বাতিল কৰিবলৈও দাবী জনায় সংগঠনৰ নেতৃত্বই । দুই শতাধিক কৰ্মীয়ে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদী বাইক ৰেলীত অংশ লয় ।

লগতে পঢ়ক: গুৱাহাটীত বাধ্যতামূলক মাস্ক

ABOUT THE AUTHOR

...view details