ধেমাজি, 28 নৱেম্বৰ: জহি-খহি গ’লেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে বদ্ধপৰিকৰ চৰকাৰ ৷ সোমবাৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে ঘোষণা কৰে যে অহা ছমাহৰ ভিতৰত 2000 মেগাৱাট শক্তি সম্পন্ন এই নদীবান্ধৰ পৰা বিদ্যুৎ উৎপাদন কৰা হ’ব ৷ NHPC ক গাৰ্ডৱাল নিৰ্মাণৰ কাম অতি সোনকালে শেষ কৰিবলৈ নিৰ্দেশ দিছে ৰাজকুমাৰ সিঙে ৷ শক্তিমন্ত্ৰীৰ এই ঘোষণাৰ পিচতে ধেমাজিত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
প্ৰকৃতিৰ প্ৰলয়ৰ ওচৰত নতজানু হ’ব নোখোজা চৰকাৰ তথা NHPC কৰ্তৃপক্ষৰ এই মইমতালিত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙৰ মন্তব্যত অসন্তুষ্টি ব্যক্ত কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে দাবী জনায় ৷ সোৱণশিৰিপৰীয়া ৰাইজৰ জীৱন তথা সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত NHPC ক বান্ধৰ কাম বন্ধ ৰাখিবলৈও আহ্বান জনায় আছু নেতাগৰাকীয়ে ৷
কি কৈছিল কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে ?
সোমবাৰে ধেমাজিৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৰাজকুমাৰ সিঙে ৷ তাৰ পিচতেই এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অহা ছমাহৰ ভিতৰত এই প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন কৰা হ’ব ৷ নামনি সোৱণশিৰি বান্ধক লৈ সন্তুষ্ট কেন্দ্ৰীয় শক্তিমন্ত্ৰী ৷ তেওঁ প্ৰকাশ কৰা মতে অৰুণাচলৰ আপাৰ চিয়াঙত শীঘ্ৰে স্থাপন হ’ব 11 হাজাৰ মেগাৱাট সম্পন্ন বিদ্যুৎ প্ৰকল্প ৷
সিঙে লগতে জনায় যে অৰুণাচলত 13 টা প্ৰকল্পত 13000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে ইতিমধ্যে MoU স্বাক্ষৰিত হৈছে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে দল-সংগঠনে প্ৰতিবাদ কৰাৰ বাবেই ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ 7 বছৰৰো অধিক সময় লাগিল বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে ৷