অসম

assam

By

Published : Oct 27, 2019, 10:23 AM IST

Updated : Oct 27, 2019, 5:44 PM IST

ETV Bharat / state

আছু এৰাৰ 90 দিনৰ পূৰ্বে যোগদান কৰিব নোৱাৰিব কোনো ৰাজনৈতিক দলত

নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব আছুৱে । নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে । ইমানেই নহয়, এখন শুদ্ধ NRC ৰ বাবে সকলো প্ৰকাৰৰ যুঁজ চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰা হৈছে প্ৰতিনিধি সভাত । একেদৰে NRL ৰ লগতে  তৈল সম্পদ আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত কৰণৰ বিৰোধিতা কৰি যাব সদৌ অসম ছাত্ৰ সন্থাই ৷

আছু জোনাই সাভাৰণ সভা

জোনাই, 27 অক্টোবৰঃ 'ছাত্ৰৰ পৰা ৰাজনীতিলৈ সময়ৰ ব্যৱধান হ'ব তিনি মাহ ।আছুৰ পৰা অব্যাহতি লোৱাৰ তিনি মাহৰ পাছতহে যোগদান কৰিব পাৰিব ৰাজনৈতিক দলত । তিনি মাহৰ সময়ৰ ব্যৱধান ভংগ কৰিলে বহিষ্কৃত বুলি ঘোষণা কৰিব আছুৱে ।'- জোনাইত অনুষ্ঠিত আছুৰ সাধাৰণ সভাত দুদিনীয়া মাৰাথন প্ৰতিনিধি সভাৰ অন্তত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷

ছাত্ৰৰ পৰা ৰাজনীতিলৈ সময়ৰ ব্যৱধান হ'ব তিনি মাহ

ইয়াৰো পৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব আছুৱে । নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে । ইমানেই নহয়, এখন শুদ্ধ NRC ৰ বাবে সকলো প্ৰকাৰৰ যুঁজ চলাই যোৱাৰ সংকল্প গ্ৰহণ কৰা হৈছে প্ৰতিনিধি সভাত । একেদৰে NRL ৰ লগতে তৈল সম্পদ আৰু অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত কৰণৰ বিৰোধীতা কৰি যাব সদৌ অসম ছাত্ৰ সন্থাই ৷ ছাত্ৰ- ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে শৈক্ষিক ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি চলিত বৰ্ষতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজন কৰিব দুখনকৈ শৈক্ষিক অভিবৰ্তন ।

নদী বান্ধৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ দাবী

ৰাজ্যৰ নিবনুৱা সমস্যা, কৃষি সমস্যা, উদ্যোগৰ সমস্যাৰ লগতে অন্যান্য সমস্যা সমাধানৰ বাবেও বিশেষ গুৰুত্ব আৰোপ কৰিছে সংগঠনটোৱে ৷ লগতে সাংগঠনিক স্থিতি আৰু অধিক শক্তিশালী কৰিবৰ বাবেও বিশেষ গুৰুত্ব আৰোপ কৰি ছাত্ৰ সংগঠনটোৰ পৰৱৰ্তী অধিৱেশনৰ বাবেও চিন্তা-চৰ্চা আৰম্ভ কৰাৰ কথা সদৰি কৰিছে । পৰৱৰ্তী অধিৱেশন ক'ত আৰু কেতিয়া হ'ব লাগে তাৰ বাবে জিলা সমিতি সমূহৰ পৰা আবেদনৰ আহ্বান কেন্দ্ৰীয় সমিতিৰ ৷

ৰাজ্যৰ পয়ালগা শিক্ষাব্যৱস্থাক লৈ আছুৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত মনোবিজ্ঞানী নিয়োগ কৰাৰ পোষকতা কৰিছে আছুৱে৷ যাৰ দ্বাৰা শৈক্ষিক অত্যাধিক বোজাৰ বাবে হতাশাগ্ৰস্ত হৈ পৰা ছাত্ৰ-ছত্ৰী সকলক মনোবিজ্ঞানীৰ দ্বাৰা কাউন্সিলিঙৰ পোষকতা কৰিছে আছুৱে ৷

ৰাজ্যৰ পয়ালগা শিক্ষাব্যৱস্থাক লৈ আছুৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে

আন্দোলন আৰু পাঠদান সমান্তৰালভাৱে আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পাঠদানো থাকিব আন্দোলনো থাকিব ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অহা ৪ নবেম্বৰত জিলাই জিলাই বিক্ষোভ আৰু পৰবৰ্তী সময়ত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে আছুৱে৷ বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে টাস্ক ফৰ্চ গঠন কৰি ৰাজ্য চৰকাৰে নদীবান্ধৰ বিৰুদ্ধে মাত মাতি অহা আছুক দমন কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনত তেজ দিবলৈ সাজু ৷ পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাবে ঘোষণা কৰাৰ দাবী৷ জোনাইত এখন পলিটেকনিক আৰু ৰেচম মহাবিদ্যালয়ৰ স্থাপনৰ দাবীৰে প্ৰতিনিধি সভাত সিদ্ধান্ত গ্ৰহন কৰিছে আছুৰ জোনাই সাধাৰণ সভাৰ প্ৰতিনিধি সভাই৷ ৰে'লৱেত থকা খালী পদ পূৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বৰ বাবে সুকীয়া নিয়োগ মণ্ডল গঠনৰ দাবীত মালিগাঁৱৰ লগতে তিনিচুকীয়াতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আছুৱে৷

মহাবিদ্যালয় বিশ্ববিদ্যালয়ত মনোবিজ্ঞানী নিয়োগ কৰাৰ পোষকতা কৰিছে আছুৱে
Last Updated : Oct 27, 2019, 5:44 PM IST

ABOUT THE AUTHOR

...view details