অসম

assam

ETV Bharat / state

AASU protest: অসমীয়া মাধ্যমক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে; আছু - Assam govt anti mother tongue decision

চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাজ্য়জুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপয়াণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ চৰকাৰক শীঘ্ৰেই এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী (AASU protest) ৷

AASU protest
AASU protest

By

Published : May 31, 2023, 4:26 PM IST

ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰ/ধেমাজি/জোনাই, 31 মে’:চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ ৰাজ্যৰ প্ৰতিখন আঞ্চলিক সমিতিয়েই ৰূপায়ণ কৰিছে 10 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ আঞ্চলিকসমূহৰ শতাধিক কৰ্মীয়ে অংশ লৈছে প্ৰতিবাদী কাৰ্যসূচীত (AASU protest against Assam govt) ৷

উল্লেখ্য যে, তৃতীয় শ্ৰণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয় দুটা অসমীয়া ভাষাৰ বিপৰীতে ইংৰাজী ভাষাত পাঠদান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে ৷ ইতিমধ্যেই ইয়াৰ বাবে কিতাপো ছপা কৰিছে বিভাগে ৷ চৰকাৰৰ এই মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খায় উঠিছে সদৌ অসম ছাত্ৰ সন্থা (Assam govt anti mother tongue decision) ৷

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমাজৰ বিভিন্ন মহলে এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰি নিজৰ স্থিতিত অটল আছে চৰকাৰ ৷ এনে প্ৰেক্ষাপটত চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বালিত কৰাৰ দাবীৰে গ্ৰহণ কৰা হৈছে অনশন কাৰ্যসূচী (AASU month long agitation) ৷

প্ৰতিবাদযোগে অসমীয়া আৰু বড়ো মাধ্যমত চৰকাৰক হাত নিদিবলৈ সকীয়নি প্ৰদান কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ চৰকাৰে অসমীয়া ভাষাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ আছুৰ ৷ অসম চৰকাৰে গ্রহণ কৰা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ আৰু এনে আঁকোৰগোজ স্থিতি প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্র সন্থাই গ্ৰহণ কৰিছে মাহজোৰা আন্দোলনৰ কাৰ্যসূচী (AASU hungar strike) ৷

তাৰেই অংশ হিচাবে বুধবাৰে লখিমপুৰ, ধেমাজি, জোনাইকে ধৰি ৰাজ্যৰ সকলো প্ৰান্তত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰক অতি শীঘ্ৰেই এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী সংগঠনটোৰ ৷ চৰকাৰৰ এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীসকলক সফল হ’বলৈ নিদিয়ে বুলিও মন্তব্য আছুৰ নেতৃত্বৰ ৷

উল্লেখ্য যে ৬ জুনত গুৱাহাটীত আছুৰ দ্বাৰা গণ সত্যাগ্রহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ২৪ জুনত চাইকেল শোভাযাত্রা, ২৭ জুনত গুৱাহাটীত শৈক্ষিক সভা আদি অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:AASU: চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰব আছু

ABOUT THE AUTHOR

...view details