অসম

assam

ETV Bharat / state

জোনাইত তুংগত উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি - সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি

শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ প্ৰায় ২৯ খন জিলাৰ চাৰি হাজাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব লগা আছুৰ জোনাই সাধাৰণ সভাখনত ৫০ খনৰো অধিক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন ৷

জোনাইত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি

By

Published : Oct 20, 2019, 7:23 PM IST

জোনাই,20 অক্টোবৰঃজোনাইত চলি আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি ৷ অনুষ্ঠিত হ'ব ৫০ খনৰো অধিক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব লগা সাধাৰণ সভাখনত ১০০ টা সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে হ'ব সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে ২৩ অক্টোবৰৰ পৰা ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ জোনাইত অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ জোনাই সাধাৰণ সভা ৷ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, জোনাই মহকুমা আৰু জোনাই ছাত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে জোনাইবাসীৰ সক্ৰিয় সহযোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া আছুৰ জোনাই সাধাৰণ সভাৰ ব্যাপক প্ৰস্তুতি চলাইছে আছু কৰ্মীসকলে ৷

জোনাইত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰস্তুতি

শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ প্ৰায় ২৯ খন জিলাৰ চাৰিহাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব লগা আছুৰ জোনাই সাধাৰণ সভাখনত প্ৰায় পাঁচ হাজাৰ লোকে একেলগে বহিব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে মূল পেণ্ডেলখন | ইফালে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ লগতে মুৰ্কংচেলেকৰ মহাবিদ্যালয় খেলপথাৰতো অতিথিশালাৰ বাবে ব্যাপকভাৱে প্ৰস্তুতি চলিছে ৷ ইতিমধ্যে জোনাইৰ শিক্ষাৰ বাটকটীয়া টাকাব চন্দ্ৰ মেদক সোঁৱৰণী মূল তোৰণ,ভূপেন হাজৰিকা সোঁৱৰণী মূল মঞ্চ, শ্বহীদ খগেশ্বৰ তালুকদাৰ সোঁৱৰণী শ্বহীদ উদ্যান, ৰোহিনী পেগু আৰু শ্যাৱন্তী পেগু সোঁৱৰণী গ্ৰন্থ মেলা আৰু প্ৰৰ্দশনী, গগন চন্দ্ৰ আগৰৱালা সোঁৱৰণী জিৰণি চৰা, ড্ৰাম কুম্বাং সোঁৱৰণী অতিথি শালৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে | ধেমাজি জিলা খনৰ সাংস্কৃতিক বৈচিত্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়, বাৰে-ৰহণীয়া কৃষ্টি সংস্কৃতি সোণসেৰীয়া ঐতিহ্যক সকলোৰে সম্মুখত পৰিকল্পিত ৰূপত দাঙি ধৰিবলৈ প্ৰচেষ্টা লোৱা আছুৰ জোনাইৰ সাধাৰণ সভাখনৰ জৰিয়তে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাইক জিলা হিচাপে ঘোষণা কৰা, পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰা, আছুৰ জোনাই সাধাৰণ সভাখন প্লাষ্টিক মুক্তকৰণ, মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ উপৰিও জোনাইৰ বিভিন্ন সমস্যা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উদ্যোক্তা সকলে উল্লেখ কৰে ৷ ইফালে অন্তিম নিশা গণেশ পেগু সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গ, তৰুলতা কুটুম আৰু বিৰাজ মুছাহাৰীয়ে ৷

ABOUT THE AUTHOR

...view details