অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰকো নেওচি জোনাইত পূৰ্ণগতিত আছুৰ জোনাই সাধাৰণ সভা

টাবুৰাম টাইড ক্ষেত্ৰত উদুলি মুদুলি ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ পৰা পুনৰ হুংকাৰ সমাজবিৰোধী শক্তিক ৷

aasu general meetimg in jonai dhemaji

By

Published : Oct 24, 2019, 9:35 PM IST

Updated : Oct 24, 2019, 10:43 PM IST

জোনাই, ২৪ অক্টোবৰ: সদৌ অসম ছাত্ৰ সন্থাৰ জোনাইত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ বৃহস্পতিবাৰে দ্বিতীয়টো দিন ৷ দ্বিতীয়টো দিনত প্ৰতিকুল বতৰৰ মাজতো উদুলি মুদুলি হৈ পৰিল জোনাইৰ টাবুৰাম টাইড সমন্বয় ক্ষেত্ৰ ৷ ছাত্ৰ-ছাত্ৰীৰ অভিবাদনৰ সমান্তৰালভাৱে পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে, স্মৃতি তৰ্পন কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ এই সাধাৰণ সভাত ৰাজ্যৰ প্ৰতিখন জিলা সমিতি, আঞ্চলিক সমিতি, শাখা সমিতিৰ পৰা প্ৰায় 5000 ৰো অধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে ৷ সাধাৰণ সভাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীও মুকলি কৰা হৈছে ৷

জোনাইত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ দ্বিতীয় দিন


" ৰাজনীতিয়ে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে ৷ সকলো জাতি-জনগোষ্ঠী আমি একেলগে আছোঁ, থাকিম, সংস্কৃতিৰ ডোলেৰে আমি সকলো জাতি-জনগোষ্ঠীক লৈ একেলগে আগুৱাই যাম" - আছুৰ সাধাৰণ সভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰিলে সমুজ্জ্বল ভট্টাচাৰ্যই ৷


আছুৰ সাধাৰণ সভাৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে দুপৰীয়া জোনাই সদৰতে এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওলা হয় ৷ অসমীয়া বোলছবি জগতৰ কেইবাগৰাকী শিল্পীয়ে অংশ লোৱা এই শোভাযাত্ৰাত মিচিং ,দেউৰী, তিৱা,ৰাভা,বেংগলী,ডিমাছা,কাৰ্বি আদি বহুকেইটা জাতি জনগোষ্ঠীৰ কৃষ্টি দলৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ 29 খন জিলা সমিতিৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷
ইয়াৰ পাচত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, নিশা দীক্ষু, ৰাকেশ ৰিয়ান, নীল আকাশৰ অনুষ্ঠানৰ পিছতে আছুৰ প্ৰতিনিধি সভাও অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

শুকুৰবাৰে গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত হ'ব আন্তঃমহাবিদ্যালয় মুকলি কুইজ, তৰ্ক, বক্তৃতা প্ৰতিযোগিতাৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ৷ শনিবাৰে দুপৰীয়া অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অংশগ্ৰহণ কৰিব অসমৰ বহু কেইজন বিদ্বান তথা বিশিষ্ট ব্যক্তিয়ে ৷


Last Updated : Oct 24, 2019, 10:43 PM IST

ABOUT THE AUTHOR

...view details