জোনাই, ২৩ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী আৰু সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱাই শনিবাৰে জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । উল্লেখ্য যে, জোনাই মহকুমা সদৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ পশ্চিমে আৰু উত্তৰ-পূব সীমান্ত ৰেলপথৰ পৰা ডেৰ কিলোমিটাৰ উত্তৰে অৱস্থিত ৰজাখানা পুখুৰী ৷ এই পুখুৰীটোৱে আজিও ৰাজকীয় পৰিবেশ আৰু ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আছে ।
জনশ্ৰুতিমতে, ‘আৰিমত্ত’ ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল । পুখুৰীটোৰ পাৰবোৰ এতিয়াও ১০-১৫ মিটাৰলৈ উচ্চতাত দেখিবলৈ পোৱা যায়। পুখুৰীটোৰ দক্ষিণ পশ্চিম ফালে আজিও কিছুমান দম হৈ পৰা আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগীয় ইটা দেখা যায় । অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল ।
জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়াৰ দাবী আছুৰ ১৯৫৬ চনৰ পৰা এই অঞ্চলত লাহে লাহে মানুহৰ বসতি আৰম্ভ হয় । প্ৰথমে হাতী ধৰা কাম এই অঞ্চলত চলিব ধৰিলে । এই বৃহৎ পুখুৰীটোত হাতীয়ে জুমপাতি গা ধুইছিল৷ আনকি, হাতীয়েও পুখুৰীৰ গভীৰতাক ঢুকি নেপাই সাঁতুৰিব লগাত পৰিছিল ।
মধ্যযুগীয় ইটা, খোদিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিৱেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জ্বলন্ত নিদর্শন । ইয়াত নিশ্চয় কোনো ৰাজকীয় অৱদান সন্নিৱিষ্ট হৈ আছে । ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গৱেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ থল আছে । গতিকে জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে আছু নেতা গৰাকীয়ে ৷
লগতে পঢ়ক :অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ