জোনাই, ২৮ অক্টোবৰঃ"আছু কেতিয়াও উন্নয়ন বিৰোধী নহয়,উন্নয়নৰ বাবে বিদ্যুৎ লাগে । ছাত্ৰ সন্থাই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গ্ৰহণ কৰা আন্দোলনৰ কৰ্যসূচী বন্ধ কৰা নাই আৰু ইয়াৰ পৰা অলপো লৰচৰ হোৱা নাই ।" টিএমপিকেৰ উদ্যোগত জোনাইত আয়োজন কৰা মিছিং অলিম্পিকত অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ।
তেওঁ পুনৰ কয় যে কেৱল নামনি সোৱণশিৰি প্ৰকল্পই নহয়, দিবাং লৱাৰ ডেমৱে তথা অৰুণাচল প্ৰদেশৰ ১৬৫ টা প্ৰস্তাৱিত প্ৰতিটো নদীবান্ধৰ পৰা অসমৰ নামনি অংশত পেলাব পৰা প্ৰভাৱ সম্পৰ্কত আমি অধ্যয়ন বিচাৰিছো । কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু আছুৰ নেতৃত্বত ত্ৰিশটা সংগঠনে বৃহৎ নদীবান্ধৰ ভয়াৱহতা আৰু নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে বহা ত্ৰি-পাক্ষিক বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আই আই টি গুৱাহাটীৰ বিশেষজ্ঞ সকলৰ প্ৰতিবেদনৰ আধাৰত বিষয়টো মীমাংসা কৰিবলৈ দাবী জনোৱা হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ বিশেষজ্ঞ সকলৰ প্ৰতিবেদনত গুৰুত্ব আৰোপ কৰা দেখা গৈছে ।