অসম

assam

ETV Bharat / state

দ্বিতীয় পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰঃ তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ - মহিলা গৰাকীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ

জোনাই মহকুমাৰ লাইমেকুৰীৰ ৰে'লপথৰ সমীপত পত্নীয়ে মৰিয়াই হত্যা কৰিলে নিজ স্বামীক । জোনাই আৰক্ষীয়ে অভিযুক্ত মহিলা গৰাকীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

a women murdered her husband in jonai
a women murdered her husband in jonai

By

Published : May 1, 2020, 3:42 PM IST

জোনাই, 1 মে': ধেমাজি জিলাৰ জোনাই মহকুমাত চাঞ্চল্য । পত্নীয়ে স্বামীক মৰিয়াই হত্যা কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । জোনাই মহকুমাৰ লাইমেকুৰীৰ ৰে'লপথৰ সমীপতে বুধাবাৰে নিশা, চন্দেশ্বৰ চুংক্ৰাং নামৰ লোকজনৰ দ্বিতীয় পত্নী উমা বিশ্বক্ৰমা চুংক্ৰাঙে নিজ স্বামীক নৃসংশভাৱে মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । নিশা কোনো পাৰিবাৰিক কন্দলৰ পিচতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

a women murdered her husband in jonai

উল্লেখ্য যে, নিশা দুয়োৰে মাজত পাৰিবাৰিক কন্দল লাগে আৰু স্বামী চন্দেশ্বৰ চুংক্ৰাঙক মূৰত ধৰি কাঠৰ দৰ্জাত ঠেকেচা মাৰি দিয়াত ঢলি পৰে বুলি পত্নী উমাই স্বীকাৰ কৰে যদিও, এই হত্যাকাণ্ডৰ সৈতে আন কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে । বৃহস্পতিবাৰে স্থানীয় ৰাইজ ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিচত, চন্দেশ্বৰ চুংক্ৰাঙক ততাতৈয়াকৈ চিকিৎসাললৈ নিয়ে যদিও, চিকিৎসালয়লৈ নিয়াৰ পথতে লোকজনৰ মৃত্যু হয় । ইতিমধ্যে স্বামীক হত্যা কৰাৰ অভিযোগত উমা বিশ্বক্ৰমা চুংক্ৰাঙক আটক কৰি জোনাই আৰক্ষীয়ে PS-C/No=38/20 আৰু U/S 302 lPC নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়কঃমৰ্মান্তিকঃ কন্যাক মাছ আনি দিব নোৱাৰি আত্মহত্যা পিতৃৰ

ABOUT THE AUTHOR

...view details