অসম

assam

ETV Bharat / state

৫ মাহে লেতেৰা পানীৰ মাজত আবদ্ধ জোনাইৰ বেৰা চাপৰি - ৫ মাহে লেতেৰা পানীৰ মাজত আবদ্ধ জোনাইৰ বেৰা চাপৰি

সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ভুক্তভোগী জনতাই চৰকাৰক মথাউৰি নিৰ্মাণ তথা গাইড বান্ধৰ জৰিয়তে বানৰ প্ৰতিৰোধ কৰাৰ লগতে স্থায়ী সমাধান কৰিবলৈ আহ্বান জনাইছে ৷ এনে সময়তে ধেমাজি জিলাৰ জোনাইৰ এখন গাঁৱত বান প্ৰতিৰোধৰ বাবে বান্ধি দিয়া মথাউৰি তথা গাইড বান্ধে গাঁওবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

a-village-in-jonai-has-been-trapped-in-dirty-water-for-last-5-months
৫ মাহে লেতেৰা পানীৰ মাজত আবদ্ধ জোনাইৰ বেৰা চাপৰি

By

Published : Jul 2, 2022, 5:20 PM IST

জোনাই, 2 জুলাই: ধেমাজি জিলাৰ জোনাইৰ বেৰা চাপৰিৰ তাৰীমাজ গাঁওখন বিগত প্ৰায় ৫ মাহে লেতেৰা পানীৰ মাজত আবদ্ধ হৈ আছে ৷ মাহৰ পিছত মাহ ধৰি এইদৰে পানীৰ তলত গাঁওখন ডুবি থকাত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী আৰু যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী ৷

গাঁওখনৰ এফালে গাইড বান্ধ আৰু আনফালে মথাউৰি বান্ধি দিয়াৰ ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ ফলত বছৰৰ প্ৰায় আধা সময় পানীৰ তলত ডুবি থাকিবলগীয়া হৈছে গাঁওখন ৷ যাৰফলত লেতেৰা পানীৰ মাজতে মাহৰ পিছত মাহ অতিবাহিত কৰিছে গাঁওখনৰ ৰাইজে ৷ ইফালে দিন যোৱাৰ লগে লগে লেতেৰা পানীৰ পৰা দুৰ্গন্ধ ওলোৱাৰ লগতে পৰিবেশ বিষাক্ত হ’বলৈ ধৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰীমাজ গাঁওবাসীৰ মাজত (Water logging from both side due to unplanned construction of embankment) ৷

৫ মাহে লেতেৰা পানীৰ মাজত আবদ্ধ জোনাইৰ বেৰা চাপৰি

এই বিষাক্ত পানীৰ ফলত এতিয়া গাঁওখনত নানা ধৰণৰ বেমাৰে দেখা দিবলৈ আৰম্ভ কৰিছে ৷ মানুৰ লগতে পোহনীয়া জীৱ-জন্তুৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ প্ৰায় ষাঠিটা পৰিয়াল বসবাস কৰা এই গাঁওখন বছৰ পিছত বছৰ ধৰি এনে সমস্যাত ভূগি থকাৰ পাছত কোনো জনপ্ৰতিনিধি তথা প্ৰশাসনৰ লোকে কাণসাৰ নিদিয়াৰ অভিযোগ কৰিছে গাঁৱৰ ৰাইজে ৷

মাথো মাজে মাজে জনপ্ৰতিনিধি তথা প্ৰশাসনৰ লোক গাঁওখনলৈ আহিয়ে দায়িত্ব সামৰা বুলি ক্ষোভ ব্যক্ত কৰিছে গাঁওবাসী ৷ অনতিপলমে যদি এই সমস্যাৰ পৰা গাঁওখনক মুক্ত কৰাৰ বাবে চৰকাৰ নাইবা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে গাঁৱৰ ৰাইজে নিজে ব্যৱস্থা ল’ব বুলিও সকীয়নী দিয়ে ৷

লগতে পঢ়ক :কাকপথাৰৰ সংঘৰ্ষত নিহত জ্ঞান অসমক 'অমৰ মৃতক'ঘোষণা আলফা(স্বাধীন)ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details