দ্বিতীয় শুৱালকুছি হিচাপে খ্যাত অসমৰে এখন গাঁও ধেমাজি, 02 আগষ্ট : অসমৰ দ্বিতীয়খন শুৱালকুছি হিচাপে খ্যাত এখন গাঁও ৷ উদ্যোগবিহীন ধেমাজিত হস্ততাঁত বস্ত্ৰশিল্পৰে স্বাৱলম্বী এখন গাঁও ৷ বছৰটোৰ বাৰমাহেই গাঁৱখনত শুনা যায় মাকোৰ খিটখিটনি ৷ ধেমজি নগৰৰ পৰা প্ৰায় ২১ কি:মি: নিলগত অৱস্থিত দ্বিতীয়খন শুৱালকুছি হিচাপে খ্যাত চৌখাম গাঁও ৷ বৰ্তমান ২০০ ৰো অধিক পৰিয়ালে বাস কৰা চৌখাম গাঁৱৰ প্ৰায় ৮০% শতাংশ লোকেই হস্ততাঁত বস্ত্ৰশিল্পৰ লগত জড়িত ৷ তাঁতশালত সপোন ৰচি স্বনিৰ্ভৰশীলতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গাঁওখনৰ শিক্ষিত যুৱকে ৷
শুৱালকুছিৰ এজন ব্যক্তিৰ সৈতে গঢ়ি উঠা সুসম্পৰ্কৰ সুবাদতে 2004 চনত ধেমাজিৰ যতীন কোচ নামৰ ব্যক্তিগৰাকীয়ে চৌখামত প্ৰথমে শাল পাতে ৷ শুৱালকুছিত প্ৰশিক্ষণ লৈ আহি কাপোৰ ব’বলৈ আৰম্ভ কৰা ব্যক্তিগৰাকীৰ কৰ্মই আকৰ্ষিত কৰে গাঁৱৰ অন্য যুৱকক ৷ এতিয়া পুৰুষ শিপিনিৰ নিপুণ হাতৰ পৰশত প্ৰস্তুত হয় উৎকৃষ্ট মানদণ্ডৰ মূগা, তচমুগাৰ চাদৰ-মেখেলা, গামোচা, চেলেং আদি ৷
2011 চনত গাঁওখনৰ বহু সংখ্যক যুৱক ওলাই আহিল এই কৰ্মক উপাৰ্জনৰ আহিলা হিচাপে গ্ৰহণ কৰিবলৈ ৷ আনকি বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱা গাঁওখনৰ বহু যুৱক ওভতি আহি মনোনিবেশ কৰিছে তাঁতশালত ৷ প্ৰথমে প্ৰশিক্ষণৰ বাবে চৌখামৰ যুৱক শুৱালকুছিলৈ গৈছিল পিচলৈ নিজৰ গাঁৱতে প্ৰশিক্ষণ লোৱা আৰম্ভ কৰে ৷ এইসকল যুৱ শিপিনিয়ে আন যুৱক-যুৱতীকো প্ৰশিক্ষণ দি দেখুৱাইছে সংস্থাপনৰ বাট ৷
বৰ্তমান চৌখামত আছে প্ৰায় তিনিশখন তাঁতশাল ৷ শিক্ষিত যুৱকসকলে আগ্ৰহেৰে এই বৃত্তি গ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে স্বাৱলম্বী শিপিনী হিচাপে ৷ প্ৰতি মাহে এক কোটিৰো অধিক টকাৰ বস্ত্ৰ বিক্ৰী হয় চৌখামৰ পৰা ৷ কেৱল দেশৰ ভিতৰতে নহয়, বহিঃ ৰাষ্ট্ৰলৈও ৰপ্তানি হয় চৌখামৰ কাপোৰ ৷ অৱশ্যে বহিঃৰাজ্যৰ পৰা পাৱৰ লুমত উৎপাদিত মুগা কাপোৰৰ সৰবৰাহ বন্ধ হ’লে শিপিনীসকলে অধিক উপকৃত হ’ব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক:Dhemaji Man in Record Books :ধেমাজিৰ এগৰাকী মিঠাইৰ দোকানীৰ বিশ্ব ৰেকৰ্ড গঢ়াৰ কাহিনী