অসম

assam

ETV Bharat / state

Jonai Kobu Chapori: নিমাওমাও কবু চাপৰিৰ কৰুণ দৃশ্য; অনাহাৰে কটাইছে শতাধিক কুকুৰে - Jonai Kobu Chapori

কৰুণ তথা অতি হৃদয় বিদাৰক এক পৰিৱেশে বিৰাজ কৰিছে কবু চাপৰিত ৷ কবু চাপৰি এৰি যোৱা লোকে এৰি থৈ যোৱা শতাধিক পোহনীয়া কুকুৰে যোৱা প্ৰায় পোন্ধৰ দিনে অনাহাৰে কটাইছে দিনে-নিশাই ৷

Stranded Dogs in Jonai Kobu Chapori
হৃদয় বিদাৰক এক পৰিৱেশে বিৰাজ কৰিছে কবু চাপৰিত

By

Published : Jun 28, 2023, 11:23 AM IST

অনাহাৰে কটাইছে শতাধিক কুকুৰে

জোনাই, 28 জুন:জোনাইৰ কবু চাপৰিত দশক দশক জুৰি বেদখলৰে বসবাস কৰা পৰিয়ালসমূহক বেদখলমুক্ত কৰাৰ পিছতে এতিয়া জোনাইৰ কবু চাপৰিৰ চাৰিওফালে মাথো নিমাওমাও পৰিৱেশ ৷ কিন্তু ইয়াৰ মাজতে এক কৰুণ তথা অতি হৃদয় বিদাৰক এক পৰিৱেশে বিৰাজ কৰিছে কবু চাপৰিত ৷ এই দৃশ্যই চকু সেমেকাই তুলিব সকলোৰে ৷

কবু চাপৰি এৰি যোৱা লোকে এৰি থৈ যোৱা শতাধিক পোহনীয়া কুকুৰে যোৱা প্ৰায় পোন্ধৰ দিন অনাহাৰে কটাইছে ৷ যাৰ ফলত বহু কুকুৰৰ মৃত্যু হোৱাৰ লগতে জীয়াই থকা আন বহুতৰ অৱস্থা মৃত্যুমুখী ৷ জোনাই বন বিভাগে জোনাইৰ কবু চাপৰিত দশক দশক ধৰি বেদখলেৰে বসবাস কৰি অহা পৰিয়ালসমূহক বেদখলমুক্ত কৰে ৷ কিন্তু কবু চাপৰি ত্যাগ কৰা পৰিয়ালসমূহে নিজা পোহনীয়া কুকুৰ সমূহক কবু চাপৰিত অতি নির্দয়ভাৱে এৰি থৈ অহাত আজি প্ৰায় পোন্ধৰ দিনে জনশূন্য কবু চাপৰিত প্ৰায় শতাধিক প্ৰভুভক্ত কুকুৰে খাবলৈ নোপোৱাত ভোকাতুৰ হৈ শুকাই-খিনাই গতি কৰিছে মৃত্যুৰ দিশে ৷

ভোকাতুৰ কুকুৰৰ কান্দোন সহ্য কৰিব নোৱাৰি চাপৰিত থকা দুগৰাকী গো-পালকে নিজৰ খাবলগীয়া ভাতেৰে কিছু ভগাই কুকুৰবোৰক খোৱাই আছে যদিও আটাই কেইটা কুকুৰৰ অৱস্থা ক্ৰমে গৈ আছে সংকটজনক অৱস্থালৈ ৷ উল্লেখ্য যে ভোকাতুৰ কুকুৰবোৰে ভোকৰ তাড়নাত ক্ৰমে হিংস্ৰ হ’বলৈ ধৰিছে বুলি জনাইছে গো-পালক দুজনে ৷ আনকি ভোকৰ তাড়নাত কুকুৰসমূহে গৰু পোৱালীও বধ কৰি ভক্ষণ কৰা বুলি জানিবলৈ দিয়ে গোপালসকলে ৷ ইফালে মঙলবাৰে কবু চাপৰিৰ বেদখলমুক্ত বাতৰি সংগ্ৰহৰ বাবে যোৱা জোনাইৰ একাংশ সাংবাদিকে কুকুৰৰ বোৰৰ এনে দৃশ্য দেখি নিজে খাবলৈ অনা কিছু ব্ৰেড, বিস্কুট আদি কুকুৰবোৰক খোৱাই 10 টাকৈ কুকুৰ উদ্ধাৰ কৰি আনি মুকলি কৰেগৈ তিনিমাইল ঘাটত ৷

সময় থাকোতেই কুকুৰ সমূহৰৰ গৰাকী কিম্বা জোনাই মহকুমা প্ৰশাসন আৰু পশু চিকিৎসা বিভাগক কবু চাপৰিৰ গৰাকীহীন কুকুৰবোৰক শীঘ্ৰেই উদ্ধাৰ কৰি, নিৰাপদ স্থানলৈ আনি চিকিৎসা প্ৰদান কৰিবলৈ আহ্বান জনাইছে জোনাইৰ স্থানীয় সাংবাদিকৰ লগতে চাপৰিটোত থকা গো-পালকে ৷

লগতে পঢ়ক:Road Accident: যমদূত সদৃশ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এজন পথচাৰীৰ মৃত্যু

ABOUT THE AUTHOR

...view details