অসম

assam

ETV Bharat / state

Poba Reserve Forest: পবা সংৰক্ষিত বনাঞ্চলত আছে পৰ্যটনৰ সম্ভাৱনা - Archid in Poba Reserve Forest

জোনাইস্থিত পবা সংৰক্ষিত বনাঞ্চলত(Poba Reserve Forest) আছে পৰ্যটকক আকৰ্ষন কৰিব পৰা অনেক সমল ৷ ট্ৰেকিঙৰ বাবে পবা হ’ব পাৰে অন্যতম স্থান ৷ বহু মূল্যৱান ঔষধি গছৰ সম্ভাৰ আছে পবাত ৷ এক ক্ষেত্ৰভিত্তিক অধ্যয়ণে উন্মোচন কৰিলে পবা সংৰক্ষিত বনাঞ্চলৰ আভ্যন্তৰৰ বহু সম্ভাৱনা ৷

Poba Reserve Forest
পবা সংৰক্ষিত বনাঞ্চলত আছে পৰ্যটনৰ সম্ভাৱনা

By

Published : May 3, 2022, 10:38 PM IST

জোনাই, ৩ মে’: জোনাইৰ একমাত্ৰ বৰ্ষাৰণ্য পবাৰ(Poba Reserve Forest) জৈৱ বৈচিত্যৰ ওপৰত এক অধ্যয়ন চলাবলৈ স্বেচ্ছাসেৱী সংস্থা ‘টিম জোনাই’য়ে ২০ কিল’মিটাৰজোৰা এক পৰিদৰ্শন কাৰ্যসূচী ৰূপায়ন কৰে৷ জোনাই আঞ্চলিক বন বিভাগৰ কৰ্মচাৰী আৰু টিম জোনাইৰ ১২ জনীয়া এটা দলে লেকু সংমণ্ডলৰ অন্তৰ্গত চিৰুং গাঁৱৰ পৰা পুৱা ১০ বজাত এই কাৰ্যসূচী আৰম্ভ কৰে৷ পৰিদৰ্শনৰ সময়চোৱাত দলটোৱে পবা বনাঞ্চলৰ আভ্যন্তৰত দেখা পোৱা বনানিৰ ঘনত্বত আচৰিত প্ৰকাশ কৰে ৷

পবা সংৰক্ষিত বনাঞ্চলত আছে পৰ্যটনৰ সম্ভাৱনা

অধ্যয়নৰ সময়ছোৱাত দলটোৰ সদস্যসকলে পবাৰ জৈৱ বৈচিত্যৰ হটস্পট হিচাপে পৰিচিত ১২ মাইল, ৭ মাইল আৰু ৫ মাইল আদি স্থানসমূহৰ জৈৱ বৈচিত্যৰ ওপৰত অধ্যয়ন কৰে ৷ পৰিদৰ্শনৰ সময়ত দলটোৱে পবাত বহু আপুৰুগীয়া আৰু বিৰল প্ৰজাতিৰ অৰ্কিড প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে (Archid in Poba Reserve Forest) ৷ বিশেষকৈ মাটিত ফুলা কেবাটাও প্ৰজাতিৰ অৰ্কিড প্ৰত্যক্ষ কৰে৷ পুৱা দহ বজাত আৰম্ভ হোৱা এই ট্ৰেকিঙৰ চাৰিঘণ্টাৰ অন্তত তিনিমাইল সংমণ্ডলত সম্পূৰ্ণ কৰে৷

স্বেচ্ছাসেৱীৰ দলটোৱে পবাৰ আভ্যন্তৰত কৰা এই ট্ৰেকিঙৰ দ্বাৰা পৰ্যটনৰ বাবে থকা সম্ভাৱনাৰ এক দুৱাৰ মুকলি কৰে ৷ বহু মূল্যৱান ঔষধি গছৰ সম্ভাৰ থকা এই পবা জংঘল ট্ৰেকিং কৰি ভালপোৱা পৰ্যটকক আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে দলটোৱে৷ ট্ৰেকিঙৰ শেষত দলটোৱে চৰকাৰ তথা বন বিভাগে অনতি পলমে পবাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আহ্বান জনোৱাৰ লগতে পবাক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ বাবে পদক্ষেপ ল’বলৈ অনুৰোধ কৰে ৷

লগতে পঢ়ক:২৪০০ বছৰ পুৰণি শিলালিপিৰ তথ্যই দিছে নতুন সমল : কিমান পুৰণি অসমীয় ভাষা ?

ABOUT THE AUTHOR

...view details