জোনাই, 1 এপ্ৰিলঃ দিল্লীৰ হজৰত নিজামুদ্দিনত অনুষ্ঠিত তবলিঘী জামাতত ধেমাজিৰ পৰা ৫ জন লোকে অংশগ্ৰহণ কৰাৰ খবৰে এতিয়া আতংকিত কৰি তুলিছে স্থানীয় লোকক ৷ কিন্তু আৰক্ষী সূত্ৰে জানিব পৰা সেই লোকসকলৰ মাজৰ চাৰি জনৰ দিল্লীত আৰু এজনৰ যোৰহাটত ম'বাইল নেটৱৰ্কৰ লোকেশ্যন পোৱা গৈছে ৷ তালিকাত নাম থকা বিকাশ নাথ নামৰ লোকজন বৰ্তমান জোনাইত আছে যদিও, লোকজনৰ ম'বাইল নেটৱৰ্কৰ লোকেশ্যন বৰ্তমানো দিল্লীতে পোৱা গৈছে ৷ বিকাশ নাথৰ মন্তব্য অনুসৰি, তেওঁৰ কোনো বন্ধুৰ আত্মীয়ই তেওঁৰ নামত থকা চিম কাৰ্ড ব্যৱহাৰ কৰি আছে ৷ সেই ব্যক্তিগৰাকী বাহিৰলৈ ফুৰিব যোৱা বাবেহে তেওঁৰ নামৰ য়েই স্থানৰ লোকেশ্যন ট্ৰেক হোৱা বুলি জনায় বিকাশ নাথে ৷
যোৰহাটত তবলিঘী জামাতলৈ যোৱা এজন লোকৰ ম'বাইল লোকেশ্যন - বিকাশ নাথ
আৰক্ষী সূত্ৰে জানিব পৰা মতে ধেমাজিৰ পৰা দিল্লীৰ হজৰত নিজামুদ্দিনত অনুষ্ঠিত তবলিঘী জামাতলৈ যোৱা 5 গৰাকী লোকৰ ভিতৰত চাৰি জনৰ দিল্লীত আৰু এজনৰ যোৰহাটত ম'বাইল নেটৱৰ্কৰ লোকেশ্যন পোৱা গৈছে ৷
তবলিঘী জামাতত যোৱা এজন লোকৰ ম'বাইল লোকেশ্যন