জোনাই, ২৪ জানুৱাৰী :বাদুলিৰ এখন বিশাল সাম্ৰাজ্য (Bat empire at Jonai) । এই সাম্ৰাজ্যতে আছে হাজাৰ হাজাৰ বাদুলি । সম্প্ৰতি একাংশ দুষ্কৃতিকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহত পৰি সংকুচিত হৈ আহিছে ৰাজ্যৰ বনাঞ্চলসমূহ । ফলত চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বাসস্থানৰ অভাৱ ঘটিছে । আনহে নালাগে বহু আপুৰুগীয়া চৰাই-চিৰিকটি আৰু বন্যপ্ৰাণী ক্ৰমে বিলুপ্তিৰ দিশে গতি কৰিছে ।
এনে সময়তে জোনাইৰ অমৃতপুৰ গাঁৱৰ নিবাসী লক্ষীকান্ত পেগু আৰু তেওঁৰ পৰিয়ালে যোৱা প্ৰায় ৩০ বছৰৰো অধিককাল ধৰি হাজাৰ হাজাৰ বাদুলি সংৰক্ষণ কৰি দাঙি ধৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমৰ এক বিৰল নিদৰ্শন (Bat preserve at Jonai) । জানিব পৰা মতে, অমৃতপুৰ গাঁৱৰ লক্ষীকান্ত পেগুৰ লগতে তেওঁৰ পৰিয়ালটোৱে বিগত প্ৰায় ৩০ বছৰে বাদুলি সংৰক্ষণৰ উদ্দেশ্যে নিজৰ বাঁহ বাৰীক বাদুলিৰ বাসস্থান হিচাপে গঢ়ি তুলিছে (Family who conserved bats for many years) ৷
সেয়ে আজিও উক্ত বাঁহ বাৰীখনত আশ্ৰয় গ্ৰহণ কৰি আহিছে হাজাৰ হাজাৰ বাদুলিয়ে । আনকি বিগত প্ৰায় ৩০ বছৰে পৰিয়ালটোৱে উক্ত বাঁহ বাৰীখনৰ বাঁহ কিম্বা তাত থকা গছসমূহ নকটাকৈ বাদুলিৰ বাসস্থানৰ বাবে সংৰক্ষণ কৰি আহিছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে জোনাইৰ অমৃতপুৰ গাঁৱৰ উক্ত পৰিয়ালটোৰ সদস্যই ৷
লগতে পঢ়ক :Tribute to poet Nilmani Phookan: নগাঁৱৰ কলঙৰ পাৰত কবিতাৰে স্মৰণ কবি নীলমণি ফুকনক