অসম

assam

ETV Bharat / state

জোনাইত উদ্ধাৰ বন্যপ্ৰাণীৰ ভিন্ন অংগঃ আটক 3

জোনাই সংমণ্ডলৰ বন বিষয়া আৰু জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত অভিযান চলায় ঢেকীয়াপতীয়া বাঘৰ হাড়, দাঁত আৰু ছালৰ সৈতে বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত তিনিজন লোকক আটক কৰে ৷

By

Published : Jun 9, 2019, 11:16 PM IST

জোনাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ ছাল, দাঁতৰ লগতে বিভিন্ন অংগ, আটত তিনি

জোনাই, 9 জুন: ধেমাজিৰ জোনাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ বাঘৰ হাঁড়, ছাল আৰু নখৰ লগতে বিভিন্ন অংগ ৷ ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ ৰুকচিন অঞ্চলৰ মংগলবৰীয়া বজাৰত দেওবাৰে অৰুণাচল বন বিভাগৰ সহযোগত জোনাই বন বিভাগ আৰু জোনাই আৰক্ষীয়ে অভিযান চলায় জব্দ কৰে চোৰাংকৈ বিক্ৰীৰ বাবে অনা বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ ছাল, দাঁতৰ লগতে বিভিন্ন অংগ ৷ অভিযানকালত তিনিজন লোকক আটক কৰবিলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷ জোনাই সংমণ্ডলৰ বন বিষয়া আৰু জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত অভিযান চলাই ঢেকীয়াপতীয়া বাঘৰ হাড়, দাঁত আৰু ছালৰ সৈতে বন্যপ্ৰাণী অংগৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত তিনিজন লোকক আটক কৰে ৷ আটকাধীন লোককেইজন ক্ৰমে, অৰুণাচলৰ টায়ি জিচি, জাবং পাৰ আৰু টাকিন জময়াং ৷ আটকাধীন লোককেইজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

জোনাইত উদ্ধাৰ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ ছাল, দাঁতৰ লগতে বিভিন্ন অংগ, আটত তিনি

ABOUT THE AUTHOR

...view details