অসম

assam

ETV Bharat / state

Sankar Sangha Adhiveshan : কাইলৈ স্থাপন হ’ব জোনাই অধিৱেশনৰ লাইখুটা - পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

2023 বৰ্ষৰ ফেব্ৰুৱাৰীত ধেমাজিৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক জোনাই অধিৱেশন (92th Sankar Sangha Jonai Adhiveshan in Dhemaji) ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত-বৈষ্ণৱসকলে ৷ দেওবাৰে স্থাপন কৰা হ’ব জোনাই অধিৱেশনৰ লাইখুটা ৷

Sankar Sangha Adhiveshan
কাইলৈ স্থাপন হ’ব জোনাই অধিৱেশনৰ লাইখুটা

By

Published : Nov 19, 2022, 10:21 PM IST

জোনাই, 19 নৱেম্বৰ : উদুলি-মুদুলি ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ কাৰোৰে যেন আহৰি নাই ৷ সকলো ব্যস্ত ৷ কোনোবাই যদি ধান দাইছে, আন কোনোবাই আকৌ খৰি কাটিছে ৷ মুখত এমোঁকোৰা হাঁহি লৈ সকলোৱে কৰি গৈছে নিজ নিজ কাম ৷

কিয়নো আগন্তুক 10, 11 অৰু 12 ফেব্ৰুৱাৰী অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক জোনাই অধিৱেশন (92th Sankar Sangha Jonai Adhiveshan)৷ সেই হেতুকে দেওবাৰে স্থাপন কৰা হ’ব জোনাই অধিৱেশনৰ লাইখুটা ৷ লাইখুটা স্থাপনৰ বাবে শনিবাৰে চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৰাইজৰ দলে বলে ধান কাটি চপোৱা পৰিলক্ষিত হয় ৷

তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় 10 বজাত স্থাপন কৰা হ’ব জোনাই অধিৱেশনৰ লাইখুটা ৷

লগতে পঢ়ক :Sankardev Sangha Samaroh: সাপেখাতীত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু-যুৱ আৰু আই মাতৃ সমাৰোহ

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি অধিৱেশনৰ লাইখুটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । লাইখুটা স্থাপন কৰাৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে সভাপতিত্বত অনুষ্ঠিত হ’ব এখন মুকলি সভা ৷ এই সভাখন উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

কাইলৈ স্থাপন হ’ব জোনাই অধিৱেশনৰ লাইখুটা

উল্লেখ্য যে, সকলোৰে এতিয়া অপেক্ষা মাথো 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৷ ফেব্ৰুৱাৰীত ভকত-বৈষ্ণৱেৰে লোকে-লোকাৰণ্য হৈ পৰিব ধেমাজিৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷

লগতে পঢ়ক :জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বি-বাৰ্ষিক জোনাই অধিৱেশনৰ লাইখুটা স্থাপন

ABOUT THE AUTHOR

...view details