জোনাই, 30 জানুৱাৰী: অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ (Srimanta Sankaradeva Sangha)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য । সংঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শংকৰাব্দ নামৰ এটা দিনপঞ্জী আছে ।
গুৰুজনাই দেখুৱাই থৈ যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনখন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয় । এই অধিৱেশনত প্ৰতি বছৰে লাখ লাখ লোকৰ সমাগম হয় ।
অন্যবাৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন ৷ এইবাৰ ৯২ সংখ্যক অধিবেশন অনুষ্ঠিত হ’ব (92nd session of Srimanta Sankaradeva Sangha) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জোনাইতো অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন ৷ জোনাই চিমেন চাপৰিৰ চেৰেন পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিবেশনৰ বাবে পূৰ্ণগতিত চলিছে প্ৰস্তুতি ৷
লগতে পঢ়ক:Sankardev Sangha Conference : শংকৰদেৱ সংঘৰ ধেমাজি অধিৱেশনৰ গুৰুগৃহ উদ্বোধন