অসম

assam

92th Jonai Annual Conference: হৰি নামৰ ধ্বনিত বৈকুণ্ঠধামলৈ পৰিণত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

By

Published : Nov 20, 2022, 9:10 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰিলে পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ বিধায়ক ভূৱন পেগুৱে স্থাপন কৰিলে স্থায়ী নামঘৰৰ মুল খুটাৰ আধাৰশিলা (92th Jonai Annual Conference foundation stone laying ceremony)৷

92nd Jonai Annual Conference foundation stone laid at Jonai
92th Jonai Annual Conference: হৰি নামৰ ধ্বনিত বৈকুণ্ঠধামলৈ পৰিণত পৰমানন্দ আতাৰ সমন্বয় ক্ষেত্ৰ

জোনাই, 20 নৱেম্বৰ: হৰি নামৰ ধ্বনিত বৈকুণ্ঠধামলৈ পৰিণত চিমেন চাপৰি চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুটা দেওবাৰে স্থাপন কৰিলে পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ বিধায়ক ভূৱন পেগুৱে স্থাপন কৰিলে স্থায়ী নামঘৰৰ মুল খুটাৰ আধাৰশিলা (92th Jonai Annual Conference foundation stone laid)৷

হৰি নামৰ ধ্বনিত বৈকুণ্ঠধামলৈ পৰিণত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

চলিত বৰ্ষৰ 10,11 আৰু 12 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহত্তম ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন (Srimanta Sankardeva Sangha 92th Annual Conference)২০২৩ খন সংঘৰ জোনাই জিলা শাখাৰ আতিথ্যত গুৰুজনাৰ একান্ত জনজাতীয় ভক্ত পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুস্থিত হ'ব ৷ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখটা স্থাপন কৰা হয় ৷

পুৱা ৬-৩০ বজাত ধেমাজি জিলাৰ চিমেন চাপৰি চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত জিলা সেৱা বাহিনীৰ নেতৃত্বত পৰিৱেশ নিকাকৰণ হয় । পুৱা ৭ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ নামঘৰত শৰণ সদস্য নামাচাৰ্য্য শুভ গগৈৰ দ্বাৰা নাম প্ৰসংগ কৰাৰ পাছত পুৱা ১০ বজাত পৰম্পৰা অনুসৰি অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে (92th Annual Conference foundation stone laid) ৷

পুৱা ১১ বজাত স্থায়ী নামঘৰৰ মূল খুঁটাৰ আধাৰশিলা স্থাপন কৰে জোনাইৰ বিধায়ক ভূবন পেগুৱে (Jonai MLA Bhuban Pegu) ৷ দিনৰ ১১-৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে সভাপতিত্বত অনুষ্ঠিত কৰা হয় লাইখুটা স্থাপনৰ মুকলি সভা ৷ সভাখন উদ্ধোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সকলো জাতি-জনগোষ্ঠী, ভাষা, সংস্কৃতিৰ লোকক লৈ বৃহত্তৰ অসমীয়া জাতি গঠনত সৱল ভূমিকা গ্ৰহণ কৰি আহিছে ৷ মহাপুৰুষজনাৰ অসমীয়া জাতিৰ ভাষা-সংস্কৃতি-কলা-কৃষ্টিৰ পথাৰখন বিকশিত কৰি এখন সমৃদ্ধিশালী সমাজ নিৰ্মাণ কৰাৰ যি আদৰ্শ, সেই আদৰ্শৰে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰৱচিন্নভাৱে কাম কৰি আহিছে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য,সংগীৰ সংখ্যা বৰ্তমান চল্লিছ লাখৰো অধিক ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এবাৰ সদস্য তথা সংগী হ'লে আজীৱন সদস্য তথা সংগী হৈ থাকিব নোৱাৰে ৷ পঞ্জীয়নভুক্ত সদস্য-সংগীসকলৰ বাবে বছৰি নবীকৰণৰ প্ৰক্ৰিয়া আছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৫ খন জিলা সমিতি আছে । কোঁচবিহাৰ, পশ্চিমবংগ, মেঘালয়, অৰুণাচলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সমিতি আছে আৰু কম দিনৰ ভিতৰত মহাৰাষ্ট্ৰৰ নাচিকত আৰু জলপাইগুৰিতো নতুন জিলা সমিতি গঠনৰ প্ৰক্ৰিয়া চলি আছে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ-লক্ষ সদস্যই প্ৰতিদিনে, প্ৰতিটো মাহে কিবা নহয় কিবা সমাজ কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ সেয়া ৰক্ত দানেই হওঁক, নেত্ৰ দানেই হওঁক ৷ কৰ’ণাৰ সময়চোৱাতো শ্ৰীমন্ত শংকৰদেৱ সংঘই জনকল্যাণকামী কৰ্মত নিয়োজিত হৈ আহিছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধীনত বৰ্তমান ৰাজ্যত মুঠ ৫৬ খন বিদ্যালয় আছে আৰু অসম চৰকাৰে ১২ খন বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে ৷

নগাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপৰি ইতিমধ্যে অসম বিধানসভাত সংশোধনী আনি সমগ্ৰ অসমত গুৱাহাটী, ধুবুৰী, যোৰহাটৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াতো বিশ্ববিদ্যালয়ৰ গোট প্ৰতিষ্ঠা কৰাৰ কাম পূৰ্ণ গতিত চলি আছে ৷ ৰসৰাজ লক্ষীনাথ বেজবৰুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাণ ৷ লক্ষীনাথ বেজবৰুৱাৰ বাহিৰে মহেশ্বৰ নেওগ, ডিম্বেশ্বৰ নেওগ, ককা নীলমণি ফুকন, তীৰ্থনাথ শৰ্মাৰ দৰে মহান ব্যক্তিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ পদত অধিষ্ঠিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে মহাপুৰুষ জনাৰ আদৰ্শ আৰু কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গৈছে ৷

অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক কমল বৰুৱাই আঁত ধৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰনাথ ডেকাই কয় শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নতৰ্ক, অভিনেতা, কবি, চিত্ৰকৰ, সুৰকাৰ হোৱাৰ উপৰি মহাপুৰুষজনা অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা আছিল ৷ সেয়ে শ্ৰীমন্ত শংকৰদেৱক সৰ্বগুণাকৰ বুলি অভিহিত কৰা হয় ৷

সন্ধিয়া প্ৰায় ৭-৩০ বজাৰ পৰা শনিবাৰে চিমেন চাপৰিস্থিত জোনাই জিলা শাখাৰ নামঘৰত মূলৰ চতুৰ্থখন মূল কাৰ্যনিৰ্বাহক সভা আৰম্ভ হয় ৷ এই সভাৰ সভাপতিত্ব কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ সফল কৰা বিষয়ত আলোচনা কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সম্পৰ্কীয় আলোচনা, আগন্তুক জোনাই অধিৱেশনৰ টকা পইচাৰ পৰা ধৰি ৰাস্তা ঘাট নিৰ্মাণ ,আন্ত:গাঠনি সম্পৰ্কীয় আলোচনা কৰা হয় বুলি শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই জানিবলৈ দিয়ে ৷

আজিৰ সভাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকা, অভ্যৰ্থনা সমিতিৰ সভাপতি ড৹ হৰকান্ত পেগু, সাধাৰণ সম্পাদক ড৹ কমল গগৈ, বিত্ত উপ-সমিতিৰ সম্পাদক হৰেন্দ্ৰনাথ দুৱৰা, বিশিষ্ট অতিথি হিচাপে লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক বিপিন চুতীয়া, জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমণি দাস, চিমেন চাপৰি বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেশ সন্দিকৈ, জ্ঞানী জজবীৰ সিং, আমন্ত্ৰিত অতিথি হিচাপে বড়ো মহিলা কল্যাণ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি খাইৰুল হক,সা ধাৰণ সম্পাদক জমীৰ আলী, গোৰ্খা ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সৌমৰাজ পুৰী, সাধাৰণ সম্পাদক দিলিপ খনাল প্ৰমুখ্যে বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত বিপিন চুতীয়াৰ অভিনন্দন গ্ৰন্থ সুজান সৌৰভ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ৷

লগতে পঢ়ক:Maan Attack in Assam: পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী

For All Latest Updates

ABOUT THE AUTHOR

...view details