জোনাই, 11 ফেব্ৰুৱাৰী :দ্বিতীয় দিনাওহৰিনামৰ ধ্বনিত উদুলি মুদুলি হৈ পৰিছে জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ আৰু হচং পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ 10 ফেব্ৰুৱাৰীৰ পৰা পৰমানন্দ আতা ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন (92 nd Srimanta Sankardev Sangha Annual Conference) ৷ আজি পুৱা 5 বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গৰে আৰম্ভ হয় শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ ৷ ইয়াৰ পিচত 8 বজাত শৰণ সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷
পুৱা 9-30 বজাত জিলা শাখাৰ সভাপতি/সম্পাদকৰ সন্মিলন অনুষ্ঠিত হোৱাৰ পিচত পুৱা 10-30 বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন অনুষ্ঠিত হ’ব । অনুষ্ঠানৰ উদ্ধোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই ।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অধ্যাপক জগদীশ মুখী (Governor Jagdish Mukhi) , বিশেষ সন্মানীয় অতিথি হিচাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, এন কে টি ভিৰ মুখ্য সম্পাদক মনোজ গোস্বামী, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন, দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ ৰত্নোত্তমা দাস বিক্ৰম উপস্থিত থাকিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে । অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়াই অংশগ্ৰহণ কৰিব ।