অসম

assam

ETV Bharat / state

AASU Sankalp Divas: সাম্প্ৰদায়িক অপশক্তিক সকীয়াই আছুৰ সংকল্প দিৱস পালন - AASU sankalpa Diwas

ৰাজ্য কঁপোৱা চিলাপথাৰ কাণ্ডৰ 6 টা বছৰ অতিক্ৰম(7 years of silapathar AASU office incident) । সাম্প্ৰদায়িক অপশক্তিক সকীয়াই 6 মাৰ্চত আছুৰ সংকল্প দিৱস পালন । আজিও চৰকাৰৰ ঘৰৰ পৰা এটুকুৰাও ইটা নপৰিল আছুৰ কাৰ্যালয় নিৰ্মাণত ।

AASU Sankalp Divas
Dhemaji

By

Published : Mar 6, 2023, 10:25 PM IST

সাম্প্ৰদায়িক অপশক্তিক সকীয়াই আছুৰ সংকল্প দিৱস পালন

জোনাই, 6 মাৰ্চ : 6 মাৰ্চ ৷ অসমৰ সমাজ জীৱনৰ এক অভিশপ্ত দিন । কিয়নো এই 6 মাৰ্চতেই ধেমাজি জিলাৰ চিলাপথাৰত 'নিব্বাছ’ নামৰ এটা অল্পখ্যাত সংগঠনৰ সভাপতি সুবোধ বিশ্বাসৰ নেতৃত্বত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ দাবীত জনসভা আয়োজন কৰি একাধিক সাম্প্ৰদায়িক লোকে তচনচ কৰিছিল চিলাপথাৰ আছুৰ কাৰ্যালয় (7 years of silapathar AASU office incident) ৷

শিলাবৰ্ষণ কৰি লণ্ডভণ্ড কৰিছিল শ্বহীদ বেদী । অসমীয়াৰ স্বাভিমান গামোচা ভৰিৰে মোহাৰি সুধাকণ্ঠ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি ফালি, আলি আঃয়ে লৃগাং, খ্ৰীং খ্ৰীং বাইথৌ পূজাস্থলী আৰু তোৰণ লণ্ডভণ্ড কৰি অসমীয়া জাতিটোক চূড়ান্ত অপমান কৰিছিল ৷ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (silapathar AASU office case) । ইয়াৰ প্ৰতিবাদত হোৱা আন্দোলনে ৰাজ্য কঁপাই গৈছিল ৷

জাতিৰ স্বাভিমানত আঘাতহনা উক্ত ঘটনাই 7 বছৰত ভৰি দিলে । উক্ত ঘটনাৰ পিছত সাম্প্ৰদায়িক অপশক্তিক সকীয়াই 6 মাৰ্চত আছুৱে পালন কৰি আহিছে সংকল্প দিৱস (AASU sankalpa Divas) । সেই উপলক্ষে সোমবাৰে ধেমাজি জিলাৰ চিলাপথাৰত আছুৱে পালন কৰে সংকল্প দিৱস । এই সংকল্প দিৱসৰ পৰাই সাম্প্ৰদায়িক তথা অন্যান্য অপশক্তিসমূহলৈ কঠোৰ সকীয়নি প্ৰদান কৰে আছু নেতৃত্বই । আনহাতে, ৰাজ্য কঁপোৱা চিলাপথাৰ কাণ্ডৰ পাছত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত এটি বিধায়িনী দলে চিলাপথাৰ আছুৰ কাৰ্যালয় পৰিদৰ্শন কৰিছিল । প্ৰতিশ্ৰুতি দিছিল চিলাপথাৰ আছুৰ কাৰ্যালয় পুনৰ নিৰ্মাণ কৰাৰ । কিন্তু আজিলৈকে চৰকাৰৰ ঘৰৰ পৰা এটুকুৰা ইটাও নপৰিল আছুৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৷

উল্লেখ্য যে 2017 চনৰ 6 মাৰ্চত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতি চমুকৈ নিব্বাচ নামৰ এটা অখ্যাত সংগঠনে চিলাপথাৰৰ আছুৰ কাৰ্যালয়ৰ আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে শ্বহীদ বেদীত আক্ৰমণ কৰিছিল । ফলত সমগ্র ৰাজ্যতে প্ৰতিবাদৰ জোৱাৰ উঠে । আনহাতে, আৰক্ষীয়ে এই ঘটনাৰ মূল চক্ৰান্তকাৰী তথা অভিযুক্ত সুবোধ বিশ্বাসৰ লগতে ঘটনাৰ লগত সাঙোৰ খাই থকা 53 গৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰে ।অৱশ্যে চিলাপথাৰ কাণ্ডৰ গোচৰ ন্যায়ালয়ৰ মজিয়াত এতিয়াও আছে ।

লগতে পঢ়ক :Holi festival preparation in Barpeta: হোলী গীতৰ মূৰ্চনাৰে মুখৰিত বৰপেটা

For All Latest Updates

ABOUT THE AUTHOR

...view details