অসম

assam

ETV Bharat / state

ধেমাজি জিলাৰ ভিন্ন প্ৰান্তৰ 7 গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা

এনজিবি কন্সট্ৰাকশ্যনৰ তৰফৰ পৰা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী তথা ব্যৱসায়ী নন্দিগিৰী ভূঞাই ধেমাজি জিলাৰ ভিন্ন প্ৰান্তৰ 7 গৰাকীকৈ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

By

Published : Oct 6, 2020, 4:27 PM IST

মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা
মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা

জোনাই, 5 অক্টোবৰ: চিলাপথাৰত চিচিবৰগাঁৱৰ নন্দিগিৰী ভূঞা নামৰ এগৰাকী ব্যৱসায়ীয়ে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান এনজিবি কন্সট্ৰাকশ্যনৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ 7 গৰাকী মেধাৱী তথা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি ব্যৱসায়ী গৰাকীয়ে শিক্ষাৰ্থী কেইগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

ধেমাজি জিলাৰ ভিন্ন প্ৰান্তৰ 7 গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা

মঙলবাৰে পুৱা বৃক্ষ ৰূপন কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ সভাত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুদ্ধিন্দ্ৰনাথ বৰুৱাই সভাপতিত্ব কৰে ৷ এই অনুষ্ঠানত 7 গৰাকী শিক্ষাৰ্থীক পঢ়া টেবুল, চকী, একোখন চাইকেল, এটাকৈ উন্নত মানদণ্ডৰ চার্জ লাইট, একোখন মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায় ৷ তদুপৰি যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিশেষভাৱে সক্ষম ছাত্ৰ নিভাস পেগুক এখন ট্ৰাই চাইকেল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থানপ্ৰাপ্ত অংকিতা ভূঞাক এখন দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে । উদীয়মান যুৱকগৰাকীৰ এনে কাৰ্যক সকলো ৰাইজে শলাগিছে ৷

লগতে পঢ়ক:ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান

ABOUT THE AUTHOR

...view details