অসম

assam

ETV Bharat / state

Bhagwat path in Balijan : বালিজানত সপ্তাহজোৰা ভাগৱত পাঠ - MP Pradan Baruah attend Bhagwat Path in Balijan

ধেমাজি জিলাৰ বালিজানত ভাগৱত ভক্তি সাধনা আৰু সেৱা আশ্ৰমৰ আতিথ্যত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ সহযোগত আয়োজন কৰা হৈছে ভাগৱত পাঠৰ কাৰ্যসূচী (Bhagwat Path at Dhemaji)। ৭ দিনীয়াকৈ বালিজান বৰ নামঘৰত এই ভাগৱত পাঠ অনুষ্ঠিত হৈছে । বৃহস্পতিবাৰে ধৰ্মধ্বজ্জা উত্তোলন কাৰ্যসূচীত অংশ লয় সাংসদ প্ৰদান বৰুৱাই ।

Jonai
বালিজানত সপ্তাহজোৰা ভাগৱত পাঠ

By

Published : Nov 3, 2022, 5:56 PM IST

জোনাই,৩ নৱেম্বৰ :ধেমাজিৰচিলাপথাৰ বালিজানত ভাগৱত ভক্তি সাধনা আৰু সেৱা আশ্ৰমৰ আতিথ্যত মহাপুৰুষীয়া সত্ৰ সমাজ অসম, বালিজান খেল সত্ৰ আৰু মনিকাঞ্চন শিল্পী সমাজৰ সহযোগত ভাগৱত সমূদ্ৰ মন্থন, প্ৰমদত্ত নামসিংহ বস্তু মহাপালনামৰ লগতে সাত দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন কৰে (7 day Bhagwat path at Balijan)। এই ভাগৱত পাঠক লৈ বালিজান বৰ নামঘৰত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ।

কাতি মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমা তিথিলৈ অৰ্থাৎ ২ নৱেম্বৰ পৰা ৮ নৱেম্বৰলৈকে আয়োজিত এই অনুষ্ঠানৰ কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা প্ৰাত প্ৰসংগ, মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ সভাপতি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী দেৱানন্দ দেৱ গোস্বামীৰ দ্বাৰা ধৰ্মধজ্জা উত্তোলন কৰাৰ পাছতে শৰণ প্ৰদান কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী উদ্বোধনী কৰে ধেমাজিৰ নিতুল বৰুৱাই ।

অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাষণ প্ৰদান কৰে মৰিগাঁও জিলাৰ মহাপুৰুষীয়া সত্ৰ সমাজৰ সম্পাদক জীৱন বৰাই । ইয়াৰ পাছতে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ লক্ষীপুৰৰ সাংস্কৃতিক শাখাৰ প্ৰাক্তন সভাপতি নৱ কৃষ্ণ ৰাজখোৱাই ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়ায় । ইফালে বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাই বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ পাছত শিৱসাগৰৰ প্ৰাণজিৎ গগৈৰ দ্বাৰা ভাগৱত পাঠ আৰু ব্যাখ্যাৰ লগতে দিনৰ এক বজাত ভাগৱত বিৰামৰ লগতে সিদ্ধি প্ৰসাদ গ্ৰহণ কৰা হয় আৰু নিশা পুনৰ ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী চলাই নিয়া হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

বালিজানত সপ্তাহজোৰা ভাগৱত পাঠ

ইফালে পুৱাই ধৰ্মধজ্জা উত্তোলন কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰি কয় যে আধ্যাত্মিকতাই সঞ্চাৰ কৰে, প্ৰশান্তি আৰু অমিয়া ভক্তিচেতনা আনে (MP Pradan Baruah attend Bhagwat Path in Balijan)। যিয়ে আমাক সততা, নিষ্ঠা, নতুন কৰ্মস্পৃহাৰে আগুৱাই যাবলৈ প্ৰেৰণা যোগায় ।

পুৱাই ভক্তিৰসেৰে মুখৰিত নামঘৰৰ শান্ত-সৌম্য পৰিৱেশ আৰু ভক্তপ্ৰাণ ৰাইজৰ আন্তৰিকতাত অত্যন্ত আপ্লুত হোৱা বুলি মতামত আগবঢ়াই সাংসদ বৰুৱাই । অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত বিভেদ নাথাকি একগোট হৈ আগুৱাই যোৱাৰ বাবে তেওঁ সকলোকে আহ্বান জনায় । মুঠতে উখল-মাখল পৰিৱেশৰ মাজতে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান লগতে হৰিনামৰ অমিয়া সুৰত দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হয় বেতনিপাম পঞ্চায়তৰ বৃহত্তৰ বালিজান অঞ্চল ।

লগতে পঢ়ক :Committee Bhaona preparation: চৰাইবাহীৰ কমিটী ভাওনাত প্ৰদৰ্শন হ’ব ২৩ খন অংকীয়া নাট

ABOUT THE AUTHOR

...view details