জোনাই, 24 মাৰ্চ: পুনৰ বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা শ্ৰমিক নিখোজ হোৱাৰ ঘটনা পোহৰলৈ আহিছে (Assam Workers missing in Arunachal Pradesh) ৷ অৰুণাচল প্ৰদেশত কাম কৰিবলৈ গৈ ঘৰলৈ উভতি অহা নাই 6 গৰাকীকৈ শ্ৰমিক ৷ যোৱা দুদিন ধৰি নিখোজ হৈ আছে শ্ৰমিকৰ দলটো ৷ ইয়াৰ পিচতে পৰিয়ালকেইটাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (6 workers missing in Arunachal Pradesh) ৷
ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় 10 দিন পূৰ্বে অৰুণাচল প্ৰদেশৰ লৱাৰ চিয়াং জিলাৰ নিউ দাৰিঙত এটা প্ৰকল্পৰ ৱাটাৰ পাইপৰ কাম কৰিবলৈ গৈছিল 6 জনীয়া শ্ৰমিকৰ দলটো (6 Assam Workers missing) ৷ কিন্তু অৰুণাচল প্ৰদেশত শেহতীয়াকৈ ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ বাবে এই কাম স্থগিত কৰি ৰাখিবলৈ বাধ্য হৈছিল প্ৰকল্পটোৰ মালিকপক্ষই ৷ সেইবাবে শ্ৰমিকসকলক ঘৰলৈ ঘূৰি আহিবলৈ পৰামৰ্শ দিছিল মালিকে ৷
মালিকৰ কথা শুনি শ্ৰমিকৰ দলটোৱেও ঘৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত লৈ ঘৰৰ লোকক এই কথা অৱগত কৰিলে ৷ তাৰ পিচতে যোৱা বুধবাৰে অৰুণাচল প্ৰদেশৰ পৰা ঘৰ অভিমুখে খোজ লয় শ্ৰমিকৰ দলটো ৷ তেওঁলোকে গাড়ী নোপোৱাত নদীৰ পাৰে পাৰেই খোজ কাঢ়ি ঘৰলৈ উভতি আহিম বুলি ঘৰৰ লোকক জনাইছিল ৷
কিন্তু দুৰ্ভাগ্যক্ৰমে যোৱা বুধবাৰৰ পৰা ঘৰৰ লোকৰ লগত কোনো যোগাযোগ হোৱা নাই দলটোৰ ৷ ঘৰৰ লোকে ফোন কৰিছে যদিও ফোন ছুইচ অফ পোৱাত চিন্তিত হৈ পৰে ঘৰৰ লোক ৷