জোনাই, ৪ অক্টোবৰ:মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব মহোৎসৱ উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে জোনাই ৷ অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা অসমীয়া জাতীয় জীৱনৰ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱন বিকশিত কৰি জাতীয় সংহতিৰ আদৰ্শৰ আলোকেৰে জাতিটোক উদ্ভাসিত কৰা জাতিৰ জনকস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আর্বিভাব মহোৎসৱ সোমবাৰৰে পৰা জোনাই সাৰ্বজনীন নামঘৰত পালন কৰা হয়(Avirbhav tithi of Srimanta Sankardev)৷
ধেমাজি জিলাৰ জোনাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ পৰিচালনা সমিতি, আইমাতৃ, ভকত বৈঞ্চৱ ও সমূহ জোনাইবাসী ৰাইজৰ সহযোগত মঙলবাৰৰ পৰা পালন কৰা হয় গুৰুজনাৰ আৰ্বিভাৱ তিথি(Tithi of Srimatna Sankardev) ৷ জাউৰিয়ে জাউৰিয়ে হৰিনামৰ লগতে ঘোষা, পুথিপাঠ তথা খোল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা মাংগলিক ধ্বনিৰ সমাহাৰ মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় সংশ্লিষ্ট এলেকাটোত ৷
পুৱাৰে পৰা নামঘৰত ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে আটায়ে উচ্চ-নীচ ভেদাভেদ পাহৰি জাতীয় সাজ-পোছাক পৰিধানেৰে পৰম্পৰাগতভাৱে ঘোষা, পুথিপাঠ, নাম-কীৰ্তন আৰু খোল-প্ৰসংগৰ অনুষ্ঠানত ভাগ লয় ৷ নাম-প্ৰসংগৰ অন্তত বিয়লি মাহ-প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয় উপস্থিত ৰাইজৰ মাজত ৷