অসম

assam

By

Published : Oct 6, 2019, 3:14 PM IST

ETV Bharat / state

ধেমাজিত 53 বছৰীয়া দুৰ্গা পূজা, ভক্তৰ লানি-নিছিগা সোঁত

আজি মহা মহা অষ্টমী । ধেমাজিৰ ঐতিহ্য মণ্ডিত 53 বছৰীয়া শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰ দুর্গা পূজাথলীত মহা অষ্টমী দিনাই পুৱা পৰাই অগণন ভক্তৰ ভিৰ ৷

ধেমাজিত 53 বছৰীয়া দুৰ্গা পূজা, ভক্তৰ লানি-নিছিগা সোঁত

ধেমাজি, 6 অক্টোবৰঃ সমগ্ৰ ৰাজ্যতে দুৰ্গা পূজাক লৈ এতিয়া উখল-মাখল পৰিৱেশ ৷ বিভিন্ন ঠাইত মহা অষ্টমী উপলক্ষে দেখা পোৱা গৈছে ভক্তৰ লানি নিছিগা সোঁত ৷ একেই অনুৰূপ দৃশ্য দেখা গ’ল ধেমাজিৰ এখন 53 বছৰীয়া দুৰ্গা পূজা মণ্ডপত ৷

ধেমাজিত 53 বছৰীয়া দুৰ্গা পূজা

শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰ দূর্গা পূজাথলীত মহা অষ্টমী দিনাই পুৱাৰ পৰাই পৰিলক্ষিত হৈছে ভক্ত অগণন ভিৰ ৷ সকলোৱে মংগল কামনাৰে হাতে হাতে নৈবদ্য লৈ মাঁৰ চৰণত আশীষ লৈছে ভক্তসকলে । ইপিনে জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাত হে অধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি জানিবলৈ দিয়ে পূজাৰ পৰিচালনা সমিতিয়ে ।

ABOUT THE AUTHOR

...view details