অসম

assam

ETV Bharat / state

জোনাইত কোৱাৰেন্টাইনৰ পৰা মুকলি 27 গৰাকী লোকক - জোনাই কোভিড 19 শেহতীয়া বাতৰি

এই পৰ্যন্ত জোনাইত কোৱাৰেন্টাইন চেন্টাৰ সমূহত ৰখা মুঠ 150 গৰাকী লোকৰ 149 গৰাকীৰ ৰিপোৰ্ট নিগেটিভ ওলোৱাৰ বিপৰীতে এজন কোভিড-19 পজিটিভ ৰোগী ধৰা পৰিছে । ৰোগীজনক চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

27 people discharged from Jonai quarantine center
জোনাইত কোৱাৰেন্টাইনৰ পৰা মুকলি 27 গৰাকী লোকক

By

Published : May 30, 2020, 10:30 PM IST

জোনাই, 30 মে' : জোনাই মহকুমাত বহিঃৰাজ্যৰ পৰা অহা 222 গৰাকী লোকক ৰখা হৈছে কোৱাৰেন্টাইনত । ইয়াৰ ভিতৰত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত 100 গৰাকী, চিমেন চাপৰি মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত 72 গৰাকী আৰু জোনাই উচ্চতৰ মাধ্যমিক ছাত্ৰী নিৱাসত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত 50 গৰাকী লোকক ৰখা হৈছে ।

জোনাইত কোৱাৰেন্টাইনৰ পৰা মুকলি 27 গৰাকী লোকক

উল্লেখ্য যে, এই পৰ্যন্ত জোনাইত কোৱাৰেন্টাইন চেন্টাৰ সমূহত ৰখা মুঠ 150 গৰাকী লোকৰ 149 গৰাকীৰ ৰিপোৰ্ট নিগেটিভ ওলোৱাৰ বিপৰীতে কোভিড 19 পজিটিভ এজন ৰোগী ধৰা পৰিছে । ৰোগীজনক চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । 21 মে'ৰ পৰা জোনাই মুৰ্কংচেলেক মহাবিদ্যালয় কোৱাৰেন্টাইন শিবিৰত থকা 27 জন যুৱকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ ওলোৱাত আটাইকেইজনকে স্বাস্থ্য বিভাগ আৰু জোনাই আৰক্ষী প্ৰশাসনে নিজ নিজ ঘৰত থৈ আহে । কিন্তু আটাইকে হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে প্ৰশাসনে ।

লগতে পঢ়ক- বিতৰ্কৰ আৱৰ্তত মহানগৰীৰ "টাইকা" বাৰঃ সাঙুৰ খাইছে প্ৰাক্তন মন্ত্ৰীৰ নাম

ABOUT THE AUTHOR

...view details