জোনাই,২ নৱেম্বৰ: জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া, বিশিষ্ট শিক্ষাবিদ, গৌৰৱোজ্জ্বল সোণালী জয়ন্তী গৰকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকৰ ২২ সংখ্যক মৃত্যু তিথি উপলক্ষে বুধবাৰে অনুষ্ঠিত কৰা হয় এখন স্মৃতিচাৰণ সভা(Takab Chandra Medok death anniversary observed) । টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৌহদত স্মৃতিচাৰণ সভাখনি অনুষ্ঠিত কৰা হয়(22nd death anniversary of Takab Chandra Medok) ।
এই উপলক্ষে পুৱাৰ ভাগতে টাকাব চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ পিছতে মুকলি সভা উদ্বোধন কৰে জোনাইৰ মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে ৷ উদ্বোধনী ভাষণত মহকুমধিপতি গৰাকীয়ে কয় যে টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসে বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ আদৰ্শক জীয়াই ৰাখি নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ ল'ব লাগে ।
সোঁৱৰনী সংগীতেৰে সভাৰ আৰম্ভণি কৰা সভাৰ সভাপতিত্ব কৰে মূৰ্কংচেলেক মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগুৱে ৷ টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ৰয়েল পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা তথা পৃষ্ঠপোষক হৰি প্ৰসাদ মিলিয়ে আদৰণি ভাষণ দিয়া সভাত নিদিষ্ট বক্তা হিচাপে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে প্রযুক্তিবিদ্যাৰ উত্তৰণে সুফল যেনেকৈ আনিছে, তেনেকৈ কুফলৰ পৰিমাণো নগণ্য নহয় বুলি উল্লেখ কৰে ।
সকলো কামৰে ভাল-বেয়া দুয়োটা দিশেই থাকে । দুয়োটা দিশেই জনা-বুজাও জৰুৰী আৰু চালি-জাৰিহে গ্ৰহণ কৰাটো উচিত বুলি মন্তব্য প্ৰকাশ কৰে মিলিয়ে । কিন্তু এয়া হয়তো মানৱ মনৰেই ব্যাধি যে আমি ভালটোতকৈ বেয়াটোক বেছি গুৰুত্ব দিওঁ বা বেছি সোনকালে গ্ৰহণ কৰে ৷ গতিকে কেৱল এখন ভাল বিদ্যালয়ত নাম লগাই, শিক্ষক বা টিউচনৰ ওপৰত সকলো এৰি চকু মুদি থকাটো একান্তই ভুল বুলি মিলিয়ে তেঁওৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ।