জোনাই, ১১ মাৰ্চ :চলিত বৰ্ষৰ ৭ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (22nd biennial conference of AASKSU to be held)৷ এই অধিৱেশন উপলক্ষে শনিবাৰে জোনাইৰ কছাৰীবাৰী সোণোৱাল ভৱনত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত কৰে । উক্ত সভাৰ সভাপতিত্ব কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে ৷
দেবানন্দ চেলেঙে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱালে । এই সভাত উপস্থিত থাকে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান চন্দন সোণোৱাল ৷ সভাত ভাষণ প্ৰসংগত চন্দন সোণোৱালে কয়, ‘‘৭, ৮ আৰু ৯ এপ্ৰিল, ২০২৩ তাৰিখে ডিব্ৰুগড় জিলাৰ তিনঠেঙীয়াৰ পূৱেৰুণ কৃষিপাম খেলপথাৰত বৰ্ণিল আৰু বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হ’ব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন ৷ এই অধিৱেশনখন সুচাৰুভাৱে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে সহায়-সহযোগিতাৰ প্ৰয়োজন’’ ৷
শনিবাৰে আয়োজিত এই সভাত উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কুলস্বামী লালোৱাৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব সুমন্ত বড়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গকুল বড়া, সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিপজ্যোতি সোণোৱাল ৷