অসম

assam

ETV Bharat / state

বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত - জোনাই সমষ্টি

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ জোনাই সমষ্টি (Jonai Constituency)ৰ বিস্তীৰ্ণ অঞ্চলত আগতৈয়াকৈ বান সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ নেৰানেপেৰা কৈ হৈ থকা বৰষুণৰ ফলত জোনাইৰ নৈ-উপনৈ সমূহৰ পানী বৃদ্ধি পোৱাত বাহিৰ জোনাই আৰু চিলে পঞ্চায়তৰ কেবাখনো গাঁও যোবা দুদিন ধৰি জলমগ্ন হৈ পৰিছে ৷

2021s-first-flood-hits-several-areas-of-jonai
বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত

By

Published : Jun 30, 2021, 10:42 AM IST

জোনাই, 30 জুন : দেশত মহামাৰী ক’ভিড-19ৰ (COVID-19) ভয়াৱহতাই ধাৰণ কৰিছে জটিল ৰূপ ৷ তাৰ মাজতে ৰাজ্যবাসী সাজু হ’ব লগা হৈছে বানৰ (FLOOD) সৈতে মোকাবিলা কৰিবলৈ ৷ কিয়নো বাৰিষা অহাৰৰ লগে লগে ৰাজ্যৰ বান পৰস্থিতিয়ে কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া আমাৰ সকলোৰে জ্ঞাত ৷

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ (DHMAJI DISTRICT) জোনাই সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলত আগতৈয়াকৈ বান সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ নেৰানেপেৰা কৈ হৈ থকা বৰষুণৰ ফলত জোনাইৰ নৈ-উপনৈসমূহৰ পানী বৃদ্ধি পোৱাত বাহিৰ জোনাই (JONAI) আৰু চিলে পঞ্চায়তৰ কেবাখনো গাঁও যোবা দুদিন ধৰি জলমগ্ন হৈ পৰিছে ৷ বিশেষকৈ লেকু আৰু চিলে নৈৰ পানী বৃদ্ধি পোৱাত জোনাই ৰাজহ চক্ৰ অৰ্ন্তগত শান্তিপুৰ, মালভোগ, ৰাভা কাঠনি, চুতীয়া চুক, সোণোৱাল কাঠনি, সোণোৱাল চুক আদিকে ধৰি কেইবাখনো গাঁওৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী লগতে সমগ্ৰ অঞ্চলটোৰ বিদ্যালয়, নামঘৰ আৰু অন্যান্য ৰাজহুৱা অনুষ্ঠান এতিয়া পানীৰ তলত ৷

বছৰটোৰ প্ৰথমটো বানত জোনাইৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত

কৰ’নাৰ ভয়ৱহতাৰ মাজতে অহা বছৰটোৰ প্ৰথমটো বানপানীয়ে জোনাই সমষ্টিৰ এই সমূহ অঞ্চলৰ ৰাইজক সম্প্ৰতি বাৰুকৈ চিন্তিত কৰি তুলিছে ।

মনকৰিবলগীয়া যে, চৰকাৰে এই সমূহ অঞ্চলত বান সমস্যা সামাধান কৰিব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে কিন্তু বছৰৰ পাচত বছৰ গৈছে ইখনৰ পাচত সিখন চৰকাৰ আহিছে গৈছে কিন্তু ইয়াৰ মাজত ৰাইজৰ সমস্যা যেন সমস্যা হৈয়ে আছে ৷ নিৰ্বাচন গ’লে সকলো নেতাৰ মুখৰ কথাৰ গুৰুত্ব নোহোৱা হয় বুলি ক্ষোভ উজাৰে ভুক্তভোগী বানাক্ৰান্তই ৷ একেদৰে এই অঞ্চলসমূহত যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, ভূমি পট্টনৰ লগতে অনাময় আঁচনিৰ ব্যৱস্থাও কৰি দিয়া নাই চৰকাৰে ৷

বছৰৰ বাৰমাহেই কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে অঞ্চলবাসীয়ে । অতি শীঘ্ৰেই এই অনুন্নত আৰু পিছপৰি ৰোৱা অঞ্চলসমূহৰ বাট-পথ, বিশুদ্ধ খোৱা পানী, উন্নত বিদ্যুত সেৱা, অনাময় ব্যৱস্থাকে আদিকৰি বিভিন্ন জ্বলন্ত সমস্যা সমূহ সমাধানৰ ব্যৱস্থা ল'বলৈ নৱ নিৰ্বাচিত চৰকাৰ, জনপ্ৰতিনিধি সকলক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ বৰপেটাত বন বিভাগৰ অভিযানত অবৈধ কাঠ ফলা কল উৎখাত

ABOUT THE AUTHOR

...view details