ধেমাজি , ১৬ আগষ্টঃদেশ কপাঁই যোৱা ২০০৪ চনৰ ১৫ আগষ্টত দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজিত সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে হত্যা কৰিছিল দহটি শিশু আৰু তিনিগৰাকীকৈ মহিলাক ৷ লগতে গুৰুতৰভাৱে আহত হৈছিল ২১ গৰাকী লোক ৷ ঘৰৰ পৰা স্বাধীনতা দিবসলৈ বুলি পুৱাই ওলাই অহা দহটি শিশু নিমিষতে বিস্ফোৰণত নিহত হৈছিল ৷ মুহুৰ্ততে ৰক্তাত্ত হৈ পৰিছিল ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ড ৷ ইয়াৰ পিছতে ৰাজ্যজুৰি সন্ত্ৰাসবাদৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদৰ জোৱাঁৰ উঠিছিল ৷ উক্ত ঘটনাৰ প্ৰতিবাদত ১৬ আগষ্টৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই ১২ ঘন্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা কৰিছিল ৷
ধেমাজিত বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত শোক দিৱস পালন - স্বাধীনতা দিৱস
দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজিত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত সকলক সুৱৰি স্মৃতি দিৱস পালন কৰা হয় ৷ উক্ত অনুষ্ঠানত প্ৰশাসনে সৰ্ব ধৰ্ম প্ৰাৰ্থনাসভা আয়োজন কৰাৰ লগতে হত্যা ,হিংসাৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰোৱা হয় ৷
ইফালে দেওবাৰে ধেমাজি মহাবিদ্যালয়ৰ চৌহদত থকা নিহতৰ স্মৃতি সৌধ আৰু শিশু উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰাংগণত ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা শোক দিৱস পালন কৰা হয় ৷ উক্ত ঘটনাত নিহত লোকসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা , হৰিনাম , জিকিৰ ,আদি পৰিৱেশন কৰে ৷ পিছত হত্যা, হিংসা আৰু সন্ত্ৰাসবাদ নিশেষ হোৱাৰ সংকল্পৰে শপত বাক্য পাঠ কৰায় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী আদিত্য হাজৰিকাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ , আৰক্ষী অধীক্ষক ধনঞ্জয় ঘানাৱটকে ধৰি বহু বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ ৷