জোনাই, 7 মে' : দেওবাৰৰ পৰা দুদিনীয়াকৈ ধেমাজি জিলাৰ জোনাইৰ লামাজানত আয়োজন কৰা হৈছে 34 সংখ্যক লামাজান মাজৰবাৰী আঞ্চলিক বিহু সন্মিলন । দেওবাৰৰ পুৱা 7 বজাত শিক্ষক শশী দত্তৰ নেতৃত্বত সামূহিক চাফাইৰ পিচতেই আৰম্ভ হয় সন্মিলনৰ কাৰ্যসূচী ৷ তাৰপিচত ঘনশ্যাম শইকীয়াৰ নেতৃত্বত চিমেন চাপৰি, চমকং আৰু চিমেনমুখ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মীসকলৰ দ্বাৰা এশ এজোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হয় (Bihu at Jonai Lamazan) ।
পুৱা 9 বজাত বিহু পতাকা উত্তোলন কৰা হয় ৷ উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মহেন গগৈয়ে । পুৱা 10 বজাত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক বিশ্ব দিহিঙ্গীয়াই । পুৱা 10.30 বজাত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে সমাজকৰ্মী দ্বীপেন বৰুৱাই ৷ তদুপৰি, অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা বিশিষ্ট কৌতুক অভিনেতা নেত্ৰকাই তথা অৰুণ হাজৰিকায়ো সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । দুপৰীয়াৰ ভাগত বিহুতলী উদ্ধোধন কৰে চেঙাজান মাজৰবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক গন্ধেশ্বৰ গগৈয়ে আৰু ইয়াৰ পিচতে আয়োজিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ উদ্ধোধন কৰে শিক্ষক নৃপেন বুঢ়াগোহাঁইয়ে (2 days bihu celebration at Jonai) ।
সাংস্কৃতিক প্ৰতিযোগিতাত কণী যুঁজ, ৰছী টনা আদি পৰম্পৰাগত খেল-ধেমালিৰ লগতে গছতলৰ বোৱাৰী জেং বিহু, গছতলৰ পাটগাভৰু জেং বিহু, চেমনীয়া ঢোল বাদন, যুৱক ঢোল বাদন, পেঁপা বাদন, সৰু বিহুৱতী, মাজু বিহুৱতী, চেমনীয়া হুঁচৰি, মাজু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয় । সোমবাৰৰ পুৱা বিহুতলী উদ্ধোধন কৰে লামাজান মাজৰবাৰী বিহু হুঁচৰি দলে (Actor Arun Hazarika at Jonai)।