ধেমাজি, 30 মাৰ্চ :কাইলৈ অৰ্থাৎ 31 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহ (17th State Children Festival of Moina Parijat)৷ এই সমাৰোহৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰস্তুতি ৷ বুধবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে সদৌ অসম মইনা পাৰিজাতৰ আয়োজকসকলে ৷
ধেমাজি জিলা সমিতিৰ উদ্যোগত অহা 31 মাৰ্চ 1 আৰু 2 এপ্ৰিল 2023 ত ধেমাজি কাছাৰী ময়দানত আয়োজিত এই শিশু সমাৰোহখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ’ব মুঠ ছয় হাজাৰ শিশু প্ৰতিনিধিয়ে ৷ ইয়াৰ বাবে স্থাপন কৰা হৈছে 17 টাকৈ শিবিৰ (Moina Parijat to be held in Dhemaji) ৷ ইয়াৰ উপৰিও মূল মণ্ডপৰ সমান্তৰালভাৱে ভোজনালয়, স্বাস্থ্য শিবিৰ, স্বেচ্ছাসেৱক শিবিৰ, তোৰণ নিৰ্মাণ ইতিমধ্যে সাজু কৰি তোলা হৈছে ৷
বুধবাৰে আয়োজিত উক্ত সংবাদমেলৰ জৰিয়তে আদৰণি সমিতিৰ সভাপতি ড৹ দীপক নেওঁগ, সাধাৰণ সম্পাদক নৱজ্যোতি দত্ত, ধেমাজি জিলা মইনা পাৰিজাতৰ সভাপতি ৰনজিৎ চিৰাঙে ধেমাজিবাসীৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ৷ সদৌ অসম মইনা পাৰিজাতৰ আয়োজকসকলে উল্লেখ কৰা অনুসৰি, এই কাৰ্যসূচীমৰ্মে প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি শিবিৰ মুকলি কৰিব ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই ৷ সমান্তৰালভাৱে তেওঁ অন্যান্য শিবিৰসমূহো উদ্বোধন কৰিব ৷