১৫ বছৰৰ অন্তত ১৫ আগষ্টৰ ৰায়দান ! - assam news
"2004 চনত 15 আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পতাকা উত্তোলনস্থলীত বোমা বিষ্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে ৷ মুহূৰ্ততে নীৰিহৰ তেজেৰে ৰক্তাক্ত হৈ পৰিছিল স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ড"
১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে 15 আগষ্টৰ ধেমাজি কাণ্ড
সুদীৰ্ঘ ১৫ বছৰৰ অন্তত ৰায়দানৰ দিশে দেশ কঁপাই যোৱা ধেমাজি কাণ্ডৰ । 2004 চনত 15 আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ পতাকা উত্তোলনস্থলীত বোমা বিষ্ফোৰণ ঘটাইছিল সন্ত্ৰাসবাদীয়ে ৷ মুহূৰ্ততে নীৰিহৰ তেজেৰে ৰক্তাক্ত হৈ পৰিছিল স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ড ৷ দহটি কণ কণ শিশুসহ তিনি গৰাকী মহিলাসহ মুঠ তেৰগৰাকী লোক নিহত হোৱাৰ লগতে চিৰদিনলৈ ঘূণীয়া হৈছিল আন বহুকেইগৰাকী । দেশ কঁপাই আলোড়ন সৃষ্টি কৰা নৰ সংহাৰ সেই বৰ্বৰ ঘটনাই আজিও জোকাৰি যায় ধেমাজিবাসীক ৷