অসম

assam

মুক্তিযোদ্ধা টংক বৰাৰ শতবৰ্ষীয় জন্মদিন পালন

By

Published : Aug 27, 2020, 10:33 PM IST

ধেমাজিৰ জামুগুৰি পাচ আলিৰ কোচ গাঁৱৰ বাসিন্দা মুক্তি যোদ্ধা তথা ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপক টংক বৰাৰ 100 তম জন্মদিন বৃহস্পতিবাৰে নিজা বাসগৃহত উদযাপন ৷ লগতে, পৰিয়ালৰ আত্মীয়, স্থানীয় দল সংগঠন ,আৰু অসংখ্য গুণমুগ্ধ ই বাসগৃহত উপস্থিত হৈ চেলেং, গামোচা, ফুলৰ থোপা আৰু শৰাই-বঁটাৰে উলগ জনাই ব্যক্তি গৰাকীক ৷

100 years Birthday Celebretion freedom fighter Tanka bora in Demaji
ধেমাজিৰ মুক্তিযোদ্ধা টংক বৰাৰ 100 তম জন্মদিন পালন

ধেমাজি, 27 আগষ্ট :ক'ভিড-19 পৰিস্থিতিৰ মাজতে ধেমাজিৰ জামুগুৰি পাঁচ আলিৰ কোচ গাঁৱৰ বাসিন্দা মুক্তি যোদ্ধা তথা ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপক টংক বৰাৰ 100 তম জন্মদিন বৃহস্পতিবাৰে নিজা বাসগৃহত উদযাপন কৰে । সেই উদ্দেশ্যে দুপৰীয়া ধেমাজি জিলা প্ৰশাসনৰ হৈ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘানাৱট , ধেমাজি জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰী , বিধায়ক ৰণোজ পেগু উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে ব্যক্তি গৰাকীক । লগতে, পৰিয়ালৰ আত্মীয়, স্থানীয় দল সংগঠন ,আৰু অসংখ্য গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ চেলেং, গামোচা, ফুলৰ থোপা আৰু শৰাই-বঁটাৰে উলগ জনাই ব্যক্তি গৰাকীক ৷

ধেমাজিৰ মুক্তিযোদ্ধা টংক বৰাৰ 100 তম জন্মদিন পালন

উল্লেখ্য যে, 1920 চনৰ 27 আগষ্টত শিৱসাগৰ জিলাৰ আহতগুৰি মৌজাৰ ন-মাটি সত্ৰ তপাতলি ঘিটিং গাঁৱত জন্মগ্ৰহণ কৰিছিল টংক বৰাই । তেওঁৰ পিতৃ আছিল প্ৰয়াত ৰূপৰাম বৰা আৰু মাতৃ ৰূপহী বৰা । টংক বৰাই 1963 চনত ধেমাজিলৈ আহি নিগাজীকৈ থাকিবলৈ লয় বুলি জানিব পৰা গৈছে । 1936-37 আৰু 1942 চনৰ স্বাধীনতা আন্দোলনৰ সময়ত সক্ৰিয় অংশগ্ৰহণ কৰাৰ উপৰিও 1979 অসম আন্দোলনৰ সময়তো সহযোগ কৰে তেওঁ । এই আন্দোলনত 1983 চনৰ 14 ফ্ৰেবুৱাৰীত টংক বৰাৰ জ্যেষ্ঠ পুত্ৰ কমল বৰাও শ্বহীদ হৈছিল বুলি জানিব পৰা গৈছে ।

ধেমাজিৰ মুক্তিযোদ্ধা টংক বৰাৰ 100 তম জন্মদিন পালন

লগতে পঢ়ক : 60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

ABOUT THE AUTHOR

...view details