জোনাই,২ নৱেম্বৰ :প্ৰতিগৰাকী মানুহৰে জীৱনত সংগ্ৰাম থাকে । জীৱন সংগ্ৰামৰ যুঁজত সকলোৱে অৱতীৰ্ণ হ'বলগীয়া হয় । কিন্তু বিভিন্ন সময়ত একাংশ লোকৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামে বিভিন্নজনক আকৰ্ষণ কৰিবলৈ সক্ষম হয় । এইবাৰ ধেমাজি জিলাৰ জোনাইৰ এগৰাকী বৃদ্ধৰ জীৱন সংগ্ৰামৰ জীয়া ছবিয়ে সকলোকে ভাবুক কৰি তুলিছে (Life struggle of an Old man in Jonai)। অকলশৰীয়া বৃদ্ধগৰাকীৰ জীৱন সংগ্ৰামৰ কথা শুনিলে আপুনিও আবেগিক হৈ পৰিব ।
শতায়ু গৰকা বৃদ্ধগৰাকীৰ জীৱনৰ অন্তিম ক্ষণৰ এখন বাস্তৱ ছবি ইটিভি ভাৰতৰ কেমেৰাত বন্দী হৈছে ৷ জানিব পৰা মতে শদিয়া মহকুমাৰ অন্তৰ্গত বুঢ়াবঢ়ী পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পাঞাং উপাধিৰ শতবৰ্ষ গৰকা বৃদ্ধগৰাকীয়ে কেইবাবছৰ ধৰি অকলশৰে এটা ভগা পঁজাত বাস কৰি আছে (Old man life struggle)। জীৱনৰ অন্তিম সময়চোৱাত অকলে থকা পঁজাটোৰ অৱস্থা দেখিবলৈ আপোনাৰো বুকু কঁপি উঠিব ।
ৰ'দ, বতাহ, বৰষুণত তেওঁক সুৰক্ষা দিবলৈ পঁজাটোত নাই এখন বেৰ । টঙি সদৃশ পঁজাটোত বছৰ বছৰ ধৰি এক দুখময় জীৱন কটাইছে শতায়ু গৰকা বৃদ্ধগৰাকীয়ে ৷ উত্তৰসূৰী বুলিবলৈ কোনো নাই বৃদ্ধগৰাকীৰ । বৃদ্ধগৰাকীৰ পত্নী বহু বছৰ পূৰ্বে তেওঁক এনেদৰে অকলে এৰি থৈ এই সংসাৰৰ পৰা বিদায় লৈছে ।