ধেমাজি, 30 এপ্ৰিল :যিসময়ত ক’ভিড আক্ৰান্ত ৰোগীয়ে অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱাব লগা হৈছে সেই সময়তে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৩৭ সংখ্যক বিহু উদযাপন সমিতিয়ে ধেমাজি প্ৰশাসনলৈ অক্সিজেন চিলিণ্ডাৰ বিতৰন কৰি ৰাইজৰ ভূঁয়সী বুটলিবলৈ সক্ষম হৈছে ।
গোগামুখত আছুৰ অক্সিজেন চিলিণ্ডাৰ বিতৰণ - দৌ অসম ছাত্ৰ সন্থা
ক’ভিড-19ৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোগামুখ আছু আৰু বিহু উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ব'হাগী উৎসৱ অনুষ্ঠান বাতিল ৷ বিহু উদযাপনৰ বাবে সংগৃহীত ধনৰাশিৰে ধেমাজি জিলা প্ৰশাসনলৈ ১০ টা অক্সিজেন চিলিণ্ডাৰ ক্ৰয় ৷
গোগামুখত আছুৰ অক্সিজেন চিলিণ্ডাৰ বিতৰণ
গোগামুখ আছু আৰু বিহু উদযাপন সমিতিয়ে ক’ভিড-19ৰ গণসংক্ৰমণ ৰোধ কৰা চৰকাৰী নীতি নিৰ্দেশনাক সন্মান জনাই বৃহস্পতিবাৰৰ পৰা উদযাপন হ’বলগীয়া ব'হাগী উৎসৱটি বাতিল কৰে আৰু ৰাজহুৱা সভাৰ জৰিয়তে ৰাইজৰ পৰা সংগৃহীত ধনৰাশি হিচাপ দাখিল কৰি ধেমাজি জিলা প্ৰশাসনলৈ ১০ টা অক্সিজেন চিলিণ্ডাৰ ক্ৰয় কৰি যোগান ধৰাৰ ব্যৱস্থা কৰে ৷ এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু ধেমাজি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক :ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন