দৰং, 17 জানুৱাৰী :আজি সুন্দৰৰ সাধক,সুৰৰ পূজাৰী, অসমীয়া বোলছবিৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মহান শিল্পীজনৰ স্মৃতিত দৰঙৰ ছিপাঝাৰৰ বানেইকুচিত পালন কৰা হ'ল শিল্পী দিৱস ৷ মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় আৰম্ভ কৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত প্ৰতিবাদী আন্দোলন। আছুসহ শিল্পী সমাজে উলিয়াই প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰক হুংকাৰ জুবিন গাৰ্গৰ ৷ শিল্পী সমাজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ দাস,সম্পাদক লুৰিণ জ্যোতি গগৈ,শিল্পী জুবিন গাৰ্গসহ বহু ব্যক্তিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
শিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ: ৰাজপাট নিদিয়ে বিজেপিক - zubeen garg comment on silpi dibos at darrang
শিল্পী দিৱসৰ দিনাই দৰঙৰ ছিপাঝাৰৰ বানেইকুচিত শিল্পী দিৱসৰ দিনাই প্ৰতিবাদ। মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুসহ শিল্পী সমাজে কৰিলে প্ৰতিবাদ ৷ বিজেপি চৰকাৰক হুংকাৰ জুবিন গাৰ্গৰ ৷
শিল্পী দিৱসত জুবিন গাৰ্গৰ হুংকাৰ : ৰাজপাট নিদিয়ে বিজেপিক