দৰং, ২৭ মে’:অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীৰ অন্যতম আছিল দৰং বৰদৌলগুৰি ককাইতোলাৰ উজ্বল নাথ (২৬) ৷ গুৱাহাটীৰ খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত অসম চৰকাৰৰ বৃহৎ নিযুক্তি-পত্র বিতৰণ অনুষ্ঠানত নিযুক্তি পত্ৰও গ্ৰহণ কৰিছিল উজ্বলে (Assam govt mega recruitment ceremony) । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস ! উজ্বলে নিযুক্তি-পত্র লাভ কৰাৰ মাত্ৰ এদিন পিচতেই ঘৰখনলৈ নামি আহিল কালনিশা ৷ মূহূৰ্ততে ভাঙি থানবান হ’ল এটি পৰিয়ালৰ সপোন ৷ ধূলিসাৎ হ’ল পৰিয়ালটোৰ সকলো স্বপ্ন ৷
দৰঙৰ ছিপাঝাৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় উজ্বল (Road accident in Darrang) ৷ মঙলদৈৰ পৰা এজন বন্ধুৰ সৈতে ঘৰৰ অভিমুখে আহি থকা সময়তে এখন ট্ৰাকৰে মুখামুখি সংঘৰ্ষ হয় উজ্বলৰ বাইকৰ (Biker killed in road accident) । এই ঘটনাত থিতাতে নিহত হয় উজ্বল ৷ ইফালে বাইকত উজ্বলৰ লগত অহা যুৱকজন এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় । স্থানীয় লোকৰ সহযোগত তেওঁ ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
লগতে পঢ়ক:Amit Shah in Assam : বিজেপি চৰকাৰৰ দিনত বহুত আগবাঢ়িছে অসম: অমিত শ্বাহৰ দাবী