দৰং, 31 আগষ্ট :বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পাচতে পোহৰলৈ আহিছে একাংশ বিজেপি নেতাই চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ তথ্য় ৷ তাৰ পাচতে বিজেপিক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিছে কংগ্ৰেছে ৷ চাকৰিৰ নামত বিজেপিৰ একাংশ নেতাই ধন সংগ্ৰহ কৰাৰ অভিযোগেৰে তুলি বুধবাৰে দৰং জিলা যুৱ কংগ্ৰেছে ৰূপায়ন কৰে প্ৰতিবাদ ৷ ধন সংগ্ৰহত অভিযুক্ত বিজেপি নেতাসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা লগতে কোন ওপৰ মহল জড়িত আছে তাৰো তথ্য প্ৰকাশ কৰাৰ দাবীৰে প্ৰতিবাদ কৰে যুৱ কংগ্ৰেছৰ কৰ্মীয়ে ৷
প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ অভিযোগ, বিজেপিয়ে অসমত খুলিছে চাকৰিৰ ক'লা বজাৰ । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে বাজপেয়ী ভৱনত চাকৰিৰ বজাৰ খুলিছে ৷ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত মহিলাই আত্মহত্যা কৰিব লগা পৰিস্থিতি আহি পৰিছে ৷ চাকৰিৰ নামত ধন সংগ্ৰহৰ নামত বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ নাম প্ৰকাশ পোৱাৰ পিচতো মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় নিৰৱ ! এই প্ৰশ্ন প্ৰতিবাদকাৰীৰ ৷