দৰং, 23 আগষ্ট:ৰাজ্যুজৰি জেহাদীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে এইবাৰ দৰঙত লাখ লাখ টকা লেনদেন কৰি শলঠেকত পৰিছে যুৱক (Youth arrested for dealing lakhs of rupees in bank)৷ ৰাজ্যজুৰি অপৰাধৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈ থকাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন অপৰাধীয়ে গা কৰি উঠিছে ৷ চাইবাৰ ক্ৰাইমৰ লগত জড়িত থাকৰ অপৰাধত আৰক্ষীয়ে আটক কৰে নুৰ হাফিজ নামৰ এজন যুৱকক (Youth arrested in Darrang) ৷
দৰং জিলাৰ খাৰুপেটীয়াৰ নুৰ হাফিজ নামৰ যুৱকজনে মঙলদৈৰ কানাড়া বেংকত 65 লাখ টকাৰ লেনদেন কৰিছিল (Youth arrested allegedly involve with cyber crime) ৷ লগে লগে বেংক কৰ্তৃপক্ষৰ সন্দেহ উপজে যুৱকজনৰ ওপৰত ৷ বেংক কৰ্তৃপক্ষই জনোৱা অনুসৰি বহিঃৰাজ্যৰ কোনো লোকৰ লগত মোট অংকৰ ধনৰ লেনদেন কৰিছিল নুৰে ৷