অসম

assam

ETV Bharat / state

“জীউৰ” চিকিৎসাৰ ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ চৰাইদেউৰ যুৱক - crowd founding

বেংগালুৰুত চিকিৎসাধীন দৰঙৰ মৃদুল কলিতাৰ পুত্ৰ “জিউৰ” চিকিৎসাৰ বাবে গগৈৰ নিজা ফেচবুক পোষ্টৰ গুগল পে’ নম্বৰ ব্যৱহাৰ কৰি ৫-৮ লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত যুৱক । ধৃত যুৱকজন চৰাইদেউৰ শিশিৰ কুমাৰ গগৈ ৷ বিভিন্নজনৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছিল যুৱকজনে ৷

youth-arrested-for-collect-money-illegally-by-crowd-founding
“জিউৰ” চিকিৎসাৰ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ চৰাইদেউৰ যুৱক

By

Published : May 15, 2021, 1:52 PM IST

মঙলদৈ,15 মে’: দৰং জিলাৰ বাঘৰবাৰী গাঁৱৰ মৃদুল কলিতাৰ পুত্ৰ "জিউৰ" জটিল ৰোগৰ চিকিৎসাৰ বাবে সামাজিক মাধ্যমত ৰাইজৰ সহায় বিচাৰি এটি পোষ্ট শ্বেয়াৰ কৰিছিল মৃদুল কলিতা নামৰ লোকজনে ৷ মৃদুল কলিতাৰ সেই পোষ্টটো শ্বেয়াৰ কৰিছিল চৰাইদেউৰ শিশিৰ কুমাৰ গগৈ নামৰ এজন যুৱকে ৷

“জিউৰ” চিকিৎসাৰ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ চৰাইদেউৰ যুৱক

তাৰ পিছতেই বিভিন্নজনৰ পৰা দান-বৰঙণি সংগ্ৰহ কৰি ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছিল শিশিৰ কুমাৰ গগৈয়ে ৷ শিশিৰ কুমাৰ গগৈৰ জালিয়াতিৰ সন্দেহ কৰি বাঘৰবাৰী ৰেনেচা ক্লাবৰ সভাপতি নৱ কুমাৰ শৰ্মা, সহ সম্পাদক প্ৰশান্ত ডেকাই মঙলদৈ আৰক্ষী থানাত ৰুজু কৰিলে এটি গোচৰ ।

বেংগালুৰুত চিকিৎসাধীন দৰঙৰ মৃদুল কলিতাৰ পুত্ৰ “জিউৰ” চিকিৎসাৰ বাবে গগৈৰ নিজা ফেচবুক পোষ্টৰ গুগল পে’ নম্বৰ ব্যৱহাৰ কৰি ৫-৮ লাখ টকা আত্মসাৎ কৰিছিল অভিযুক্ত যুৱকজনে ।

“জিউৰ” চিকিৎসাৰ টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ চৰাইদেউৰ যুৱক

মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডাণ্টেজিত দেউৰী আৰু আৰক্ষী বিষয়া ভাৰত দলৈৰ নেতৃত্বত সাপেখাতী আৰক্ষীৰ সহযোগত আৰক্ষীৰ এটা দলে স্বগৃহৰ পৰা আটক কৰে অভিযুক্ত গগৈক । ইতিমধ্যে কেইবাটাও জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে শিশিৰ কুমাৰ গগৈক । চৰাইদেউৰ বহুকেইটা সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল ধৃত যুৱকজন ।

উল্লেখ্য যে, অসমৰ বহু কেইগৰাকী জনপ্ৰিয় শিল্পী, কলা-কুশলীৰ লগতে অসমৰ বিভিন্ন স্থানৰ সচেতন লোকে যিটো সময়ত জিউৰ চিকিৎসাৰ বাবে সঁহাৰি জনাইছে, তেনে সময়ত অভিযুক্ত যুৱকজনৰ এনে কাৰ্যই সকলোৰে চকু কপালত তুলিছে ৷

লগতে পঢ়ক:তিনিমাহৰ বাবে স্থগিত আলফা(স্বা)ৰ সামৰিক অভিযান

ABOUT THE AUTHOR

...view details